Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
5807

বাবা ৰামদেৱৰ পুনৰ বিপদ, এইবাৰ ছত্তীশগড় আৰক্ষীয়ে তৰিলে গোচৰ


Published on June 18, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

অৱশেষত সলনি হ'ল বাবা ৰামদেৱৰ মন, কভিড ভেকছিন ল'বলৈ মান্তি হ'ল যোগগুৰু ৰামদেৱ


Published on June 11, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১১ জুন: বহুতো বাক বিতণ্ডাৰ অন্তত অৱশেষত যোগ গুৰু বাবা ৰামদেৱে সোনকালে কভিড ভেকছিনৰ পালি গ্ৰহণ কৰিব বুলি জনোৱাৰ লগতে চিকিৎসকসকলক "পৃথিৱীত ঈশ্বৰৰ দূত" বুলি বৰ্ণনা কৰে। পতঞ্জলিৰ প্ৰতিষ্ঠাপক গৰাকীয়ে পূৰ্বতে কৈছিল যে, "তেওঁক কোনোধৰণৰ কভিড ভেকছিনৰ প্ৰয়োজন নাই, কিয়নো তেওঁৰ যোগৰ নিপুণতাৰ বাবে সদায় সুৰক্ষিত হৈ থাকিব।" ৰামদেৱে লগতে কভিড-১৯ৰ বিৰুদ্ধে এলোপেথিক ঔষধৰ কাৰ্যকাৰীতা সম্পৰ্কে মন্তব্য দি এক বিতৰ্কৰো সৃষ্টি কৰিছিল।

২১ জুনৰ পৰা সকলোকে বিনামূলীয়া ভেকছিন প্ৰদান কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা ঘোষণাক আদৰণি জনাই ৰামদেৱে ইয়াক এক "ঐতিহাসিক" পদক্ষেপ বুলি অভিহিত কৰে। লগতে যোগগুৰু গৰাকীয়ে কয় যে, "ভেকছিনৰ দুয়োটা পালিৰ লগতে যোগ আৰু আয়ুৰ্বেদৰ দ্বৈত সুৰক্ষা প্ৰাপ্ত কৰিলে ইয়াৰ ফলত উৎপন্ন হোৱা শক্তিয়ে এগৰাকী ব্যক্তিক শক্তিশালী ঢাল হৈ সুৰক্ষা প্ৰদান কৰিব আৰু কোনো ব্যক্তিৰে কভিডৰ ফলত মৃত্যু নহ'ব।"

আনহাতে যোগগুৰু ৰামদেৱে এলোপেথিক চিকিৎসকসকলৰ প্ৰশংসা কৰি কয় যে, "মই কোনো সংগঠনৰ বিৰোধী নহয়। ভাল এলোপেথিক চিকিৎসকসকল মানুহৰ বাবে এক প্ৰকৃত আশীৰ্বাদ। চিকিৎসক সকল পৃথিৱীত ঈশ্বৰৰ দূত।"


Published on January 1, 1970|News Source :
Cartoon
View Older

 

August 5, 2021


Entertainment
View Older


From Our Archive

Create Account