Choose Language

  • All  
  • English
  • অসমীয়া

মেঘালয়ত ৫,০০০ ৰো অধিক শিশু ক'ভিড-১৯ ত আক্রান্ত, মৃত্যু হৈছে ১৭ জন শিশুৰ


Published on June 18, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

অসম ৰাইফলছে উদ্ধাৰ কৰিলে ১২৭ বেগ অবৈধ চুপাৰি


Published on June 18, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১৮ জুন: ২৩ নং অসম ৰাইফলছৰ চেৰছিপ বেটেলিয়নে মিজোৰামৰ লংটলাই জিলাৰ পাংখুয়া ফৰেষ্ট গেট গাৰ্ডৰ পৰা ১২৭ বেগ অবৈধ চোৰাং চুপাৰি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। অসম ৰাইফলছ আৰু চাংগাউ আৰক্ষীৰ এটা যুটীয়া দলে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত দুদিন পূর্বে পাংখুয়া ফৰেষ্ট গেট অঞ্চলত এটা অভিযান চলাইছিল। বৰ্তমানলৈ কোনো ব্যক্তিক কৰায়ত্ত কৰা হোৱা নাই বুলি অসম ৰাইফলছৰ তৰফৰ পৰা জানিবলৈ পোৱা গৈছে। 

আনহতে অসম ৰাইফলছৰ দ্বাৰা উদ্ধাৰ হোৱা ১২৭ বেগ অবৈধ চুপাৰিখিনিৰ বজাৰ মূল্য প্ৰায় ৩২,৩০,৮৮০ টকা হ'ব বুলি জানিব পৰা গৈছে। বিগত কেইবামাহ ধৰি অসম ৰাইফলছে মিজোৰাম আৰক্ষীসহ অন্যান্য সংশ্লিষ্ট বিভাগৰ সহযোগত এনে ধৰণৰ অভিযান চলাই আহিছে যাতে চোৰাং ব্যৱসায়ীসকলে সীমান্ত পাৰ হৈ অবৈধ কাৰ্যকলাপ সংঘটিত কৰিব নোৱাৰে। 

শেষত আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, "চোৰাং চুপাৰিসহ বিভিন্ন নিষিদ্ধ সামগ্ৰী চোৰাং ব্যৱসায়ীসকলে মিজোৰামৰ ইণ্ডো-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত প্ৰেৰণ কৰি আহিছিল।"
 

Ad
Cartoon
View Older

 

March 2, 2023

most read news



    From Our Archive

    Create Account