Choose Language

  • All  
  • English
  • অসমীয়া

অলিম্পিক অভিমুখী খেলুৱৈসকলৰ বাবে বিচিচিআইয়ে আগবঢ়াব ১০ কোটি টকাৰ আৰ্থিক অনুদান


Published on June 21, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

গৌতম গম্ভীৰৰ মহানুভৱতা, দিল্লীৰ দৰিদ্ৰ বস্তি অঞ্চলত বসবাস কৰা লোকসকলক প্ৰদান কৰিব ক'ভিড-১৯ ভেকছিন


Published on June 21, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ২১ জুন: ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ তথা বৰ্তমানৰ বিজেপিৰ সাংসদ গৌতম গম্ভীৰে পূৱ দিল্লী সমষ্টিৰ বস্তি অঞ্চলত বসবাস কৰা লোকসকলৰ বাবে ক'ভিড ভেকছিনৰ পালি বিনামূলীয়াকৈ প্ৰদান কৰি আহিছে। উক্ত বিনামূলীয়া ক'ভিড টিকাকৰণ অভিযান গৌতম গম্ভীৰসহ দিল্লী বিজেপি গোটৰ সাধাৰণ সম্পাদক (সংগঠন) সিদ্ধাৰ্থনকে ধৰি কেইবাজনো দলীয় নেতাৰ উপস্থিতিত পূৱ দিল্লীৰ ময়ূৰ বিহাৰৰ শশী গাৰ্ডেনস্থিত বস্তি অঞ্চলত আৰম্ভ কৰা হৈছিল। গৌতম গম্ভীৰে লগতে জানিবলৈ দিয়ে যে, "পূৱ দিল্লীৰ অন্যান্য বস্তিঅঞ্চলতো এই বিনামূলীয়া ক'ভিড-১৯ টিকাকৰণ শিবিৰ অনুষ্ঠিত কৰা হ'ব।" ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পূৰ্ণ টিকাকৰণৰ সপোন পূৰণ কৰাটো প্ৰতিজন নাগৰিকৰ দায়িত্ব বুলিও বিজেপি সাংসদ গম্ভীৰে কয়। 

আনহাতে বিৰোধী দলসমূহক উদ্দেশ্যি গম্ভীৰে কয় যে, "বিৰোধী দলৰ নেতাসকলৰ সকলো বিভ্ৰান্তিকৰ মন্তব্য আৰু মিছা প্ৰচাৰৰ বাবে দৰিদ্ৰ লোকসকলৰ মাজত এতিয়াও ভেকছিনৰ পালি পাবলৈ সক্ষম হোৱা নাই। বিৰোধী দলৰ নেতাসকলে সাধাৰণ লোকসকলৰ মনত সংশয় ভাৱৰ সৃষ্টি কৰিছে। সেয়েহে সকলোৱে মিলি এই সংশয় ভাৱৰ সমাপ্তি ঘটাই, ক'ভিড-১৯ টিকাকৰণ অভিযান সফল কৰাৰ লগতে এখন স্বাস্থ্যৱান সমাজ গঢ়ি তুলিব লাগিব।" গম্ভীৰৰ কাৰ্যালয়ৰ এক বিবৃতি অনুসৰি, "টিকাকৰণ অভিযানৰ অধীনত, প্ৰতি দেওবাৰে বিভিন্ন বস্তি অঞ্চলৰ ক'ভিড টিকাকৰণ শিবিৰসমূহত ৫০০ জন লোকক প্ৰতিদিনে ভেকছিন প্ৰদান কৰা হ'ব। যিহেতু বস্তি অঞ্চলৰ বেশিসংখ্যক লোকৰে স্মাৰ্টফোন নাই, সেয়েহে উক্ত শিবিৰ সমূহতে তেওঁলোকৰ "ক'উইন ৱেবচাইটত" পঞ্জীয়ন প্ৰণালী অনুষ্ঠিত কৰা হ'ব।"

এই সম্পূর্ণ টিকাকৰণ অভিযান ধৰ্মশিলা চিকিৎসালয়ৰ সহযোগত আয়োজন কৰা হৈছে বুলি সাংসদ গৌতম গম্ভীৰে জানিবলৈ দিয়ে। ক্ৰিকেটৰ জগতৰ পৰা ৰাজনীতিৰ পথাৰত সুখ্যাতি অৰ্জন কৰা গৌতম গম্ভীৰে পূৱ দিল্লীৰ জাগৃতি বিহাৰত থকা তেওঁৰ কাৰ্যালয়ৰ পৰা আন এটা টিকাকৰণ শিবিৰ চলাই আছে। বৰ্তমানলৈ সাংসদ গৌতম গম্ভীৰৰ নেতৃত্বত চলা এই টিকাকৰণ অভিযানত ২,৫০০ জনৰো অধিক লোকক ক'ভিড-১৯ ভেকছিন ক'ভিশ্বিল্ডৰ প্ৰথম পালি প্ৰদান কৰা হৈছে বুলি গম্ভীৰৰ কাৰ্যালয়ৰ বিবৃতিযোগে জানিবলৈ দিয়ে।


Published on January 1, 1970|News Source :
Ad
Cartoon
View Older

 

March 2, 2023

most read news



    From Our Archive

    Create Account