Cartoon
View Older
গুৱাহাটী,২১ জুন:ৰাজ্যত ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ ওপৰত অসম আৰক্ষীয়ে চলাই থকা অভিযানত ৰঙিয়াৰ তুলসীবাৰীত ধৰাত পৰিল এহাল দম্পত্তি। দেওবাৰে নিশা ৰঙিয়া আৰক্ষীয়ে এক অভিযান চলাই গাঞ্জা আৰু নকল নোটসহ এহাল স্বামী-স্ত্রীক আটক কৰিবলৈ সক্ষম হয়।
নুৰজামাল আলী আৰু ফিৰোজা বেগমে দীৰ্ঘদিনৰ পৰায়ে এই অবৈধ কৰ্মকাণ্ডত লিপ্ত হৈ আছিল। ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰতন দাসে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে এক সূত্ৰৰ ভিত্তিত আৰক্ষী বিষয়াজনৰ নেতৃত্বত আৰক্ষীৰ দল এটাই তুলসীবাৰী বজাৰত উপস্থিত হৈ নুৰজামালৰ ঘৰত তালাচী চলায়।
ব্ৰয়লাৰৰ মাংসৰ ব্যৱসায় কৰা নুৰজামালৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে প্ৰায় ৭০০ গ্ৰাম গাঞ্জা ৩০ হেজাৰ নগদ ধনৰ লগতে ১৩৬ খন ৫০ টকীয়া জালনোট জব্দ কৰে। আৰক্ষীয়ে পিচত নুৰজামালৰ লগতে পত্নী ফিৰোজা বেগমক আটক কৰে।
Comments
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত বৰষুণৰ সম্ভাৱনা,ডাৱৰীয়া চাউথাম্পটনৰ বতৰ
Published on June 18, 2021|News Source : ৰাহুল ডেকা
গুৱাহাটী,১৮ জুন:ভাৰত বনাম নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব লগীয়া আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ফাইনেলক লৈ আগ্ৰহেৰে ৰৈ থকা ক্ৰিকেট অনুৰাগীসকলৰ বাবে চাউথাম্পটনৰ পৰা আহিছে এটা বেয়া খবৰ। আজি ৰাতিপুৱাৰে পৰা চাউথাম্পটনৰ বতৰ যথেষ্ট ডাৱৰীয়া হৈ পৰিছে তদুপৰি খেলৰ প্ৰথম দিনটোত বৰষুণে বিঘ্নিত কৰাৰ আশংকা বহুত।
টীম ইণ্ডিয়াৰ জ্যেষ্ঠ অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে তেওঁৰ ইনষ্টাগ্ৰামত চাউদাম্পটনৰ এখন ফটো শ্বেয়াৰ কৰিছে, য'ত বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে।
ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ ফাইনেলত ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক কেভিন পিটাৰছনে নিউজিলেণ্ডকেই ফেভাৰিত আখ্যা দিলে। তেওঁৰ মতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে ভাৰতৰ পৰ্যাপ্ত মেচ অনুশীলন হোৱা নাই।পিটাৰচনে অনুভৱ কৰে যে আই পি এল বা আন্তঃ স্কোৱাদ খেল খেলিলেও ফাইনেল টেষ্টৰ বাবে প্ৰস্তুতি পৰ্যাপ্ত নহয়।
ডব্লিউটিচি ফাইনেলৰ বাবে ভাৰত প্লেয়িং ইলেভেন হৈছে:ৰোহিত শৰ্মা, শুভমান গিল, চেতেশ্বৰ পুজাৰা, বিৰাট কোহলী (কেপ্টেইন), আজিংক্য ৰাহানে, ঋষভ পন্ত, ৰবীন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন, ইশান্ত শৰ্মা, মহম্মদ ছামী, যশপ্ৰীত বুমৰাহ
Published on January 1, 1970|News Source :