গুৱাহাটী, ২১ জুন: ক'ভিড মহামাৰীৰ ফলত সমগ্র দেশতে বৰ্তমান তীব্র আৰ্থিক সংকটে দেখা দিছে। বহুটো নিবনুৱা যুৱকে কঠোৰ পৰিশ্ৰম কৰি কোনোমতে দৈনিক মজুৰি উলিয়াবলৈ সক্ষম হৈছে। থিক তেনে সময়তে হায়দৰাবাদৰ এজন যুৱকক ঘৰলৈ খাদ্য বিতৰণ কৰা যুৱকক ৰাইজৰ ধনেৰে এখন মটৰ চাইকেল উপহাৰ স্বৰূপে প্ৰদান কৰা হয়। এই উপহাৰ একমাত্ৰ কৰ্মৰ প্ৰতি স্পৃহা আৰু একান্ত মনোযোগীতাৰ বাবে ৰাইজে সামাজিক মাধ্যমযোগে ধন সংগ্ৰহ কৰি জ'মাটো কোম্পানীৰ খাদ্য বিতৰণ কৰা যুৱক জনক উপহাৰ স্বৰূপে প্ৰদান কৰে।
ঘটনা অনুসৰি, হায়দৰাবাদৰ জ'মাটো খাদ্য বিতৰণ কৰা কোম্পানীটোৰ ডেলিভাৰী এক্সিকিউটিভ, মহম্মদ আকিলে খাদ্য অৰ্ডাৰ দিয়া গ্ৰাহক ৰুবিন মুকেশক খাদ্য প্ৰদান কৰিবলৈ ধাৰাসাৰ বৰষুণৰ মাজতো ৯ কিলোমিটাৰ দূৰৈত থকা বাসগৃহলৈ চাইকেল চলাই মাত্ৰ ২০ মিনিটত গৈ উপস্থিত হৈছিল। আনহাতে, যেতিয়া আকিলে ৰুবিন মুকেশৰ হাতত অৰ্ডাৰ দিয়া খাদ্যৰ টোপোলাটো হাতত তুলি দিয়ে, তেতিয়া ডেলিভাৰী বয় আকিলৰ কৰ্মস্পৃহা দেখি গ্ৰাহক ৰুবিন আৱেগিক হৈ পৰে।
গ্ৰাহক ৰুবিন মুকেশ পেচাত এজন আই টি কৰ্মচাৰী,আৰে তেখেতে সামাজিক মাধ্যমত এটা গ্ৰুপ বনাই আকিলৰ কৰ্ম উদ্যোমৰ কাহিনীটোৰ বিষয়ে সকলোকে অৱগত কৰায়। কিয়নো বি টেকৰ ছাত্ৰ আকিলৰ ঘৰৰ আৰ্থিক অৱস্থা ভাল নোহোৱাত, ৰুবিনৰ সকলো বন্ধুবৰ্গই আকিলৰ কষ্ট লাঘব কৰিবলৈ ধন সংগ্ৰহৰ সিন্ধান্ত গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত, অতি কম দিনৰ ভিতৰতে প্ৰয়োজনীয় ৬৫,০০০ টকাৰ বিপৰীতে ৭৩,০০০ টকা সংগ্রহ হয়। তাৰ পিছত, ৰুবিন সহ বন্ধুবৰ্গই আকিলক মটৰ চাইকেল সহ হেলমেট, চেনিটাইজাৰ, ৰেইনকোট, মাস্ক আদি প্ৰয়োজনীয় সামগ্রী সমূহ ক্ৰয় কৰি দিয়ে। বৰ্তমান আকিলে অধিক উদ্যোমেৰে কৰ্মত নিয়োজিত হৈ খাদ্য বিতৰণ কৰি আছে।
Comments