গুৱাহাটী, ১৯ জুন: হায়দৰাবাদৰ ডুণ্ডিগালৰ বায়ু সেনা একাডেমীত (চিজিপি) পৰ্যালোচনা কৰাৰ পিছত ভাষণ প্রদান কৰাৰ সময়ত বায়ু সেনাৰ মুৰব্বী ভাদাউৰিয়াই কয় যে, "ভাৰতীয় বায়ু সেনাৰ লক্ষ্য হৈছে ২০২২ চন।" ক'ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভাৰতলৈ যুঁজাৰু বিমান ৰাফেলৰ বিতৰণৰ ক্ষেত্রত কিছু বিলম্ব হ'লেও ভাৰতীয় বায়ু সেনাই আগন্তুক ২০২২ বৰ্ষত সম্পূর্ণ ৰূপে ৰাফেলৰ অন্তৰ্ভূক্তি কৰিবলৈ সক্ষম হ'ব।
ভাৰতে ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত ৫৯,০০০ কোটি ব্যয়েৰে ৩৬ খন যুঁজাৰু বিমান ৰাফেলৰ ক্ৰয়ৰ বাবে ফ্ৰান্সৰ সৈতে এক আন্তঃচৰকাৰী চুক্তি স্বাক্ষৰ কৰিছিল। চলিত বৰ্ষৰ এপ্ৰিল মাহত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰাফেলৰ বিষয় সন্দৰ্ভত কৈছিল যে, "আটাইকেইখন যুঁজাৰু বিমান ২০২২ চনৰ এপ্ৰিলৰ ভিতৰত ভাৰতত উপস্থিত হ'ব। সদ্যহতে ভাৰতত ১১ খন ৰাফেল বিমান উপলব্ধ আছে আৰু আগন্তুক বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত আন ১৭ খন ৰাফেল বিমান ভাৰতৰ ভূমিত উপস্থিত হ'ব।"
আনহাতে, ইণ্ডো-চীন সীমান্তৰ পূব লাডাখৰ পৰিস্থিতি সন্দৰ্ভত ভাৰতীয় বায়ু সেনাৰ মুৰব্বী গৰাকীয়ে কয় যে, "ভাৰত-চীনৰ মাজত সম্ভাৱ্যমূলক শান্তি আলোচনা চলি আছে, যদিও পৰিস্থিতি সাপেক্ষে ভাৰতীয় বায়ু সেনাৰ তৰফৰ পৰা সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।"
Comments