Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
5806

ভাৰতৰ সংগীতৰ যাদুত মন্ত্ৰমুগ্ধ বলিউডৰ বিখ্যাত ৰেপাৰ গায়ক বাদশ্বাহ


Published on June 23, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

"টেলিভিশন ৰেটিং পইন্ট" গোচৰৰ চাৰ্জ শ্বীটত অৰ্ণৱ গোস্বামীৰ নাম সন্নিবিষ্ট


Published on June 23, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ২৩ জুন: মুম্বাই অপৰাধ শাখাই মঙলবাৰে টেলিভিছন ৰেটিং পইণ্ট (টিআৰপি) খেলিমেলি কৰা গোচৰত ইয়াৰ দ্বিতীয় পৰিপূৰক অভিযোগপত্ৰ দাখিল কৰে। অভিযোগ পত্ৰত অভিযুক্তসকলৰ মাজত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী আৰু ৰিপাব্লিক ভাৰত নিউজ চেনেলৰ সাতজন লোকৰ নাম উল্লেখ কৰা হৈছে। অপৰাধ শাখাৰ অপৰাধী চোৰাংচোৱা গোট (চিআইইউ)ৰ দ্বাৰা দাখিল কৰা ১,৯১২ পৃষ্ঠাৰ অভিযোগপত্ৰখনত ৰিপাব্লিক নিউজ চেনেলৰ সম্পৰ্কিত দুজন ব্যক্তি, অমিত দাৱে আৰু সঞ্জয় বাৰ্মাৰ উপৰিও ৰিপাব্লিক টিভি গোট, শিৱ সুব্ৰমণিয়াম, প্ৰিয়া মুখাৰ্জী, শিৱেন্দ্ৰ মুলধেকাৰ আৰু ৰঞ্জিত ৱাল্টকাৰৰ নাম জড়িত হৈ আছে। 

মুম্বাই আৰক্ষীয়ে বিগত বৰ্ষৰ অক্টোবৰ মাহত দূৰদৰ্শন দৰ্শক পৰিমাপ প্ৰণালী পৰিচালনাৰ বাবে অংশীদাৰসকলৰ দ্বাৰা স্থাপিত এক যুটীয়া উদ্যোগ কোম্পানী ব্ৰডকাষ্ট অডিয়েন্স ৰিচাৰ্চ কাউন্সিল (বিএআৰচি)ৰ দ্বাৰা নিযুক্ত ঠিকাদাৰ হাঞ্চা ৰিচাৰ্চ গ্ৰুপৰ অভিযোগৰ ভিত্তিত গোচৰটোৰ তদন্ত আৰম্ভ কৰিছিল। অভিযোগ অনুসৰি, কিছুসংখ্যক টিভি চেনেলসমূহে টিভি ৰেটিংত খেলিমেলিৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰা হৈছে। টেলিভিশন ৰেটিং পইন্টৰ নমুনা পৰিয়ালত দৰ্শকৰ উপস্থিতিৰ ওপৰত ভিত্তি কৰি তথ্যসমূহ ৰেকৰ্ড কৰি জোখা হয়, আৰু ইয়াৰ ফলত টিভি চেনেলৰ পৰিচালক পক্ষই বিজ্ঞাপনদাতাসকলক আকৰ্ষিত কৰে।

আনহাতে, আৰক্ষীয়ে দাবী কৰিছিল যে, "ৰিপাব্লিক টিভি আৰু আন কেইটামান চেনেলৰ দ্বাৰা হাঞ্চা ৰিচাৰ্চ গ্ৰুপৰ সম্পৰ্ক মেনেজাৰৰ জৰিয়তে কিছুমান পৰিয়াল, যাৰ বাসগৃহত টিআৰপি জোখাৰ বাবে বিএআৰচি বাৰ-অ-মিটাৰ স্থাপন কৰা হৈছিল। সেইবোৰ পৰিয়ালক উৎকোচ দিয়া হৈছিল আৰু টিআৰপি অবৈধভাৱে বৃদ্ধি কৰিবলৈ পোনপটীয়াকৈ যোগাযোগ কৰি আহিছিল। ইপিনে, মঙলবাৰে মুম্বাই আৰক্ষীয়ে দাখিল কৰা অভিযোগপত্ৰখনত, অনুসন্ধানকাৰীসকলে অৰ্ণৱ গোস্বামীৰ দীঘলীয়া হোৱাটছএপ মেচেজৰ তালিকা সংলগ্ন কৰিছে, যিটো গোচৰটোত ১৯ নং অভিযুক্ত বুলি বিবেচিত হৈছে।

আৰক্ষীয়ে দাবী কৰিছিল যে গুপ্তা আৰু অৰ্ণৱ গোস্বামীয়ে ৰিপাব্লিক নিউজ চেনেলৰ লাভালাভ বৃদ্ধি কৰিবলৈ নিৰন্তৰে যোগাযোগ কৰি আহিছিল আৰু দাসগুপ্তাই গোস্বামীৰ সৈতে বিএআৰচিৰ বৃহৎ তথ্যসমূহৰ ওপৰতো গোপন আলোচনা কৰিছিল। অৱশ্যে, ৰিপাব্লিক টিভিয়ে উক্ত বিষয় সন্দৰ্ভত কোনো বিবৃতি প্ৰদান কৰা নাই। লগতে চেনেলটোৱে কেইবাবাৰো টিআৰপি ৰেটিং বৃদ্ধি কৰা বিষয়টো অস্বীকাৰ কৰি আহিছে।

Cartoon
View Older

 

August 5, 2021


Entertainment
View Older


From Our Archive

Create Account