গুৱাহাটী, ২৩ জুন: বেলগ্ৰেড চিৰিয়াখানাত থকা বিশ্বৰ আটাইতকৈ বয়স্ক আৰু পুৰণি মুজা নামৰ কুম্ভীৰটোৱে শেহতীয়াকৈ নিজৰ ৮৫ বছৰ জন্মদিন উদযাপন কৰে। সাধাৰণতে এটা কুম্ভীৰৰ জীৱনকাল প্ৰায় ৩০ ৰ পৰা ৫০ বছৰ হয়। কিন্তু এই সৰীসৃপ জীৱটোৱে ইমান বছৰলৈ জীয়াই থাকি সকলোৰে দৃষ্টি নিবদ্ধ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে, মুজাৰ জন্ম কেতিয়া হৈছিল সেয়া সঠিকভাৱে জানিবলৈ পৰা নাই। কিন্তু ১৯৩৭ চনত কুম্ভীৰটোক চিৰিয়াখানা খনলৈ স্থানান্তৰিত কৰা হৈছিল আৰু ইয়াৰ অৰ্থ এয়ে বুজিব পাৰি যে কুম্ভীৰটোৰ বয়স সম্ভৱতঃ ৮৫ বছৰতকৈ অধিক হৈছে।
মুজা এটা ভাগ্যৱান কুম্ভীৰ, কিয়নো উক্ত চিৰিয়াখানা থকা চহৰখনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত দুবাৰকৈ বোমা বিস্ফোৰণ হৈছিল আৰু চিৰিয়াখানাখন প্ৰায় সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল। সৌভাগ্যজনকভাৱে কুম্ভীৰটোৰ কোনো ক্ষতি হোৱা নাছিল। ঠিক একেদৰে, ১৯৯০ ৰ দশকত অঞ্চলটোত পুনৰ বোমা বিস্ফোৰণ কাণ্ড সংঘটিত হৈছিল, কিন্তু তেতিয়াও মুজা নামৰ কুম্ভীৰটো জীয়াই থাকিবলৈ সক্ষম হৈছিল।
২০১২ চনত কুম্ভীৰটোৰ এখন ভৰি গেংৰিন নামৰ বেক্টেৰিয়াৰ বীজাণুৰ সংক্ৰমণৰ ফলত ভৰিখন কাটি পেলাবলগীয়া হৈছিল। অৱশ্যে, তাৰ পিছতো কুম্ভীৰটোৱে জীৱিত আৰু সুস্থ অৱস্থাত আছে। আনহাতে মুজা নামৰ বয়স্ক কুম্ভীৰটোৰ আহাৰত ছালৰ নিগনি, শহাপহু, চৰাই, ঘোঁৰাৰ মাংস আদি সন্নিবিষ্ট হৈ থাকে।
ইপিনে ২০১৮ চনৰ ২২ মে' তাৰিখে ৮০ বছৰ বয়সত কুম্ভীৰটোৱে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰে। যিটো সময়ত কুম্ভীৰটোৰ সকলো পৰিয়ালবৰ্গৰ মৃত্যু হৈছিল, আৰু তেতিয়াই মুজা নামৰ কুম্ভীৰটোক আটাইতকৈ পুৰণি জীৱিত কুম্ভীৰ হিচাপে বিবেচিত কৰা হৈছে। শেহতীয়াকৈ কুম্ভীৰটোৰ 'টিক টক' নামৰ সামাজিক মাধ্যমৰ মঞ্চত বৃহৎ জনপ্ৰিয়তা অৰ্জন কৰিছে, আৰু কুম্ভীৰটোৰ ভিডিঅ' দৃশ্যাৱলী ১ লাখতকৈও অধিক লোকে দৰ্শন কৰিছে।
Comments