গুৱাহাটী,২৩ জুন:সময়ে সময়ে বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি ভাৰতীয় মানুহৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱা চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ প্ৰধানমন্ত্ৰী কে.পি শৰ্মা অলীয়ে এইবাৰ আকৌ কৰিলে আন এক বিতৰ্কিত মন্তব্য। কিছুদিন আগতে ৰামৰ জন্ম নেপালত হোৱা বুলি মন্তব্য কৰা অলীয়ে এইবাৰ কৰিলে যোগৰ উৎপত্তি স্থলক লৈ কিছু আপত্তিজনক মন্তব্য।
নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীয়ে দাবী কৰে যে, যোগৰ উৎপত্তি নেপালতহে হৈছিল, ভাৰতত নহয়। তদুপৰি, তেওঁ যুক্তি দিয়ে যে যেতিয়া যোগৰ উৎপত্তি হৈছিল, তেতিয়া ভাৰতৰ অস্তিত্বই নাছিল।
আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে তেওঁৰ বাসগৃহ বালুৱাটাৰত আয়োজিত এক কাৰ্যসূচীত ভাষণ দি তেওঁ এই মন্তব্য প্ৰকাশ কৰে। তেওঁ এইটোও দাবী কৰিছিল যে ভাৰতীয় বিশেষজ্ঞসকলে ইয়াৰ বিষয়ে তথ্য লুকুৱাই ৰাখিছে। টুইটাৰ ব্যৱহাৰকাৰীসকলে নেপালৰ প্ৰধানমন্ত্ৰীয়ে দিয়া এই মন্তব্যক তীব্ৰ সমালোচনা কৰিছে।
Comments
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত বৰষুণৰ সম্ভাৱনা,ডাৱৰীয়া চাউথাম্পটনৰ বতৰ
Published on June 18, 2021|News Source : ৰাহুল ডেকা
গুৱাহাটী,১৮ জুন:ভাৰত বনাম নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব লগীয়া আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ফাইনেলক লৈ আগ্ৰহেৰে ৰৈ থকা ক্ৰিকেট অনুৰাগীসকলৰ বাবে চাউথাম্পটনৰ পৰা আহিছে এটা বেয়া খবৰ। আজি ৰাতিপুৱাৰে পৰা চাউথাম্পটনৰ বতৰ যথেষ্ট ডাৱৰীয়া হৈ পৰিছে তদুপৰি খেলৰ প্ৰথম দিনটোত বৰষুণে বিঘ্নিত কৰাৰ আশংকা বহুত।
টীম ইণ্ডিয়াৰ জ্যেষ্ঠ অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে তেওঁৰ ইনষ্টাগ্ৰামত চাউদাম্পটনৰ এখন ফটো শ্বেয়াৰ কৰিছে, য'ত বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে।
ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ ফাইনেলত ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক কেভিন পিটাৰছনে নিউজিলেণ্ডকেই ফেভাৰিত আখ্যা দিলে। তেওঁৰ মতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে ভাৰতৰ পৰ্যাপ্ত মেচ অনুশীলন হোৱা নাই।পিটাৰচনে অনুভৱ কৰে যে আই পি এল বা আন্তঃ স্কোৱাদ খেল খেলিলেও ফাইনেল টেষ্টৰ বাবে প্ৰস্তুতি পৰ্যাপ্ত নহয়।
ডব্লিউটিচি ফাইনেলৰ বাবে ভাৰত প্লেয়িং ইলেভেন হৈছে:ৰোহিত শৰ্মা, শুভমান গিল, চেতেশ্বৰ পুজাৰা, বিৰাট কোহলী (কেপ্টেইন), আজিংক্য ৰাহানে, ঋষভ পন্ত, ৰবীন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন, ইশান্ত শৰ্মা, মহম্মদ ছামী, যশপ্ৰীত বুমৰাহ
Published on January 1, 1970|News Source :