গুৱাহাটী,২৩ জুন: অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছৰ (এইমছ) সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই শেহতীয়াকৈ ঘোষণা কৰিছে যে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা ২ বছৰৰ অধিক বয়সৰ শিশুৰ বাবে ক'ভিড-১৯ ভেকছিন, কভাক্সিন অনুমোদিত হোৱাৰ সম্ভাৱনা আছে। লগতে ডাঃ গুলেৰিয়াই কয় যে, "শিশুসকলৰ বাবে কভাক্সিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত, পৰীক্ষণৰ তথ্য ছেপ্টেম্বৰৰ ভিতৰত উপলব্ধ কৰা হ'ব আৰু ভেকছিনো একে মাহতে অনুমোদিত হোৱাৰ লগতে প্ৰদান কৰাৰ সম্ভাৱনা আছে।"
ক'ভাক্সিনৰ লগতে ফাইজাৰ-বায়'এনটেক শিশুসকলক ছিটাকৰণ কৰাৰ বাবে আন এক বিকল্প হ'ব পাৰে বুলি গুলেৰিয়াই জানিবলৈ দিয়ে। লক্ষণীয়ভাৱে উক্ত বিষয় সন্দৰ্ভত কেইবাজনো বিশেষজ্ঞই সতৰ্ক কৰি দিছে যে ক'ভিড-১৯ ৰ তৃতীয় ঢৌ বিশেষকৈ শিশুসকলৰ বাবে মাৰাত্মক হ'ব পাৰে। সেয়েহে, দিল্লী আৰু পাটনাৰ এইমছত ২ ৰ পৰা ১৭ বছৰ বয়সৰ শিশু তথা কিশোৰ-কিশোৰীসকলৰ বাবে ক'ভাক্সিন ভেকছিন পৰীক্ষণ দ্ৰুতগতিত চলাই থকা হৈছে বুলি সঞ্চালক গৰাকীয়ে জনায়।
আনহাতে বিশেষজ্ঞ সকলে কোৱাৰ দৰে ক'ভিড-১৯ৰ তৃতীয় ঢৌৱে শিশুসকলৰ ক্ষেত্রত বিশেষ কোনো কঠিনতা দেখা নিদিব বুলি ডাঃ গুলেৰিয়াই কয়। শেহতীয়াকৈ, এইমছ-বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত এইটোও পৰামৰ্শ দিয়া হৈছে যে তৃতীয় ঢৌৱে "শিশুসকলক অসামঞ্জস্যপূৰ্ণভাৱে আঘাত নকৰিবও পাৰে।"
Comments