গুৱাহাটী, ২৩ জুন: বলিউডৰ বহু প্ৰতিভা সম্পন্ন অভিনেতা আয়ুষ্মান খুৰানাক শেহতীয়াকৈ সামাজিক মাধ্যমত এক বিশেষ ৰূপত দেখি অনুৰাগীসকল যথেষ্ট প্ৰভাৱিত কৰে। অভিনেতা আয়ুষ্মানে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এখন এখন পুৰণি ছাত্ৰ অৱস্থাৰ আলোকচিত্র পোষ্ট কৰাৰ লগতে নিজ শিক্ষানুষ্ঠানৰ সোণালী দিনবোৰৰ স্মৃতি ৰোমন্থন কৰি কবিতা আকাৰে বিশেষ মূহুর্তবোৰৰ কথা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।
আয়ুষ্মানে তেওঁৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ অৱস্থাত থকা এখনি আলোকচিত্র পোষ্ট কৰিছিল আৰু স্মৃতি ৰোমন্থন কৰি লিখিছিল যে, "প্ৰায় ২০০৬ চনৰ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ ১৪ নম্বৰ কোঠালিৰ কথা। দৈনন্দিন ৰুটিনবোৰ পাহৰি, হাঁহিছিলো যে মনখুলি, সেয়া যে কি সুখৰ দিন আছিল! সাংবাদিকতা বিভাগৰ সেই পুৰণি কোঠালিটোৰ পিছফালে থকা সেই সিঙৰা আৰু চাহৰ সোৱাদ কি যে অতুলনীয় আছিল। বিশ্ববিদ্যালয়ৰ সেই অতিকৈ বিখ্যাত ল'ৰাজন আজিও একেই লাজকুৰীয়া।"
আয়ুষ্মান খুৰানাৰ এই ইনষ্টাগ্ৰাম পোষ্টটোৱে অনুৰাগীসকলক যথেষ্ট আপ্লুত কৰি তুলিছে। ইপিনে, যুৱ প্ৰজন্মৰ এক উৎকৃষ্ট অভিনেতা আয়ুষ্মানৰ আগন্তুক দিনৰ কৰ্মজীৱনৰ তালিকাত বহুকেইটা কাম পৰিপূৰ্ণ হৈ আছে। অভিনেতা গৰাকীৰ বৰ্তমান তিনিখন চলচ্চিত্ৰ শাৰীবদ্ধ হৈ আছে। তেওঁক শীঘ্ৰে "চণ্ডিগড় কাৰে আশিকী", "আনেক" আৰু "ডক্টৰ জি"ত দেখা পোৱা যাৱ।
Comments