গুৱাহাটী, ২২ জুন: ইউৰো ২০২০ ৰ সোমবাৰে অনুষ্ঠিত হোৱা ৰাছিয়া আৰু ডেনমার্কৰ শ্বাসৰুদ্ধকৰ খেলখনত অন্তিম পৰ্যায়ত ডেনমাৰ্কৰ এন্দ্ৰিয়াছ ক্ৰিষ্টেনচেন আৰু জোয়াকিম মেহেলৰ গ'লেৰে ৰাছিয়াৰ বিৰুদ্ধে ৪-১ গ'লত জয় লাভ কৰে আৰু ৰাউণ্ড অফ ১৬ ত উপনীত হ'বলৈ সক্ষম হয়।
ক্ৰিষ্টিয়ান এৰিক্সনৰ প্ৰথম খেলখনত পতন হোৱাৰ লগতে দলটোৰ দুটা পৰাজয়ৰ পিছত, ডেনমাৰ্কৰ খেলুৱৈসকলে প্ৰতিযোগিতাখনৰ তৃতীয় আৰু অন্তিম ঘৰুৱা খেলৰ অন্তত পাৰ্কেন ষ্টেডিয়ামত তেওঁলোকৰ আনন্দিত সমৰ্থকৰ সন্মুখত বিজয় উদযাপন কৰে। লগতে দলটোৰ পূর্বৰ সকলো পৰাজয়ৰ পৰিপ্ৰেক্ষিতত, ডেনমার্কে বিশেষ খেল প্ৰদৰ্শন দেখুওৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখে। য়ুচুফ পুলছেনে সুবিধা বুজি ৫৯ মিনিটত বিৰোধী পক্ষৰ খেলুৱৈ ৰোমান জোবনিনৰ বেকপাচ পদ্ধতিক অনুসৰণ কৰি ৰাছিয়াৰ বিৰুদ্ধে ২-০ গ'ল কৰিবলৈ সক্ষম হয়।
ৰোমান জোবনিনে বেকপাচ যোগে ফুটবলটো গ'লকিপাৰক দিবলৈ চেষ্টা চলাইছিল যদিও, য়ুচুফে সুবিধা বুজি বলটো পোনপটীয়াকৈ ডেনমাৰ্কৰ ফৰৱাৰ্ডলৈ লৈ গৈ গ'ল দিয়ে। এই গ'লটোৰ পিছতেই ডেনমাৰ্কে বৃহৎ অগ্ৰগতি লাভ কৰে। কিন্তু ৰাছিয়াৰ আৰ্টেম ডিজিউবাই পেনাল্টি স্পটৰ পৰা ১ টা গ'ল দি দলটোক পুনৰ সুস্থিৰ পৰিস্থিতিলৈ ঘূৰাই আনিছিল।
অৱশ্যে, ক্ৰিষ্টেনছেনে ৭৯ মিনিটত খেলখনত এক পৰিকল্পনা প্ৰস্তুত কৰে আৰু মেহেলে ৮২ মিনিটত এটা দ্ৰুত কাউণ্টাৰ সমাপ্ত কৰি খেলখন সন্দেহৰ আৱৰ্তত ৰাখে। মেহেলে খেল চলি থকা মূহুর্তত পোনপটীয়াকৈ এটা টিভি কেমেৰাৰ ওচৰলৈ গৈ ১০ টা আঙুলিৰে ভঙ্গীমা দেখুৱায়, যিটো আছিল এৰিক্সনৰ ডেনমাৰ্কৰ জাৰ্চী নম্বৰ। শেষত, মিক্কেল ডেমচগাৰ্ডৰ খেলৰ প্ৰথম ভাগতে খেলপথাৰৰ ৰেখাৰ বাহিৰৰ পৰা প্ৰদান কৰা এটা লুপিং শ্বটৰ সহায়ত ডেনমাৰ্কে বিজয়ৰ দিশে অগ্ৰগতি লাভ কৰে।
Comments