গুৱাহাটী, ২২ জুন: জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ মাৱিয়া ছুদান নামৰ এগৰাকী ২৩ বছৰীয়া যুৱতীয়ে ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হয়। কিয়নো, মাৱিয়াই হৈছে জম্মু-কাশ্মীৰৰ পৰা ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান চলোৱা প্ৰথম গৰাকী মহিলা পাইলট। মাৱিয়াই বিগত বৰ্ষৰ বায়ু সেনাৰ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত, তেওঁ দ্বাদশ মহিলা বিষয়া আৰু যুঁজাৰু পাইলট হিচাপে ভাৰতীয় বায়ু সেনাত যোগদান কৰা ৰাজ্যখনৰ প্ৰথম গৰাকী মহিলা বিষয়া হিচাপে পৰিগণিত হৈছে।
শনিবাৰে হায়দৰাবাদৰ ডুণ্ডিগাল বায়ু সেনা একাডেমীত অনুষ্ঠিত হোৱা পাছিং আউট পেৰেডত মাৱিয়া ছুদানে একমাত্ৰ মহিলা যুঁজাৰু পাইলট হিচাপে উপস্থিত থাকে আৰু, মাৱিয়াক বায়ু সেনাৰ ফ্লাইং অফিচাৰ হিচাপে নিযুক্তি দিয়া হয়। ভাৰতীয় বায়ু সেনাৰ মূৰব্বী মাৰ্শ্বেল ৰাকেশ কুমাৰ সিং ভাদাউৰিয়াই শনিবাৰে হায়দৰাবাদৰ ডুণ্ডিগালৰ বায়ু সেনা একাডেমীত অনুষ্ঠিত যুটীয়া স্নাতক পাছিং আউট পেৰেডত উপস্থিত থাকে।
মাৱিয়াৰ মাতৃ সুষমা ছুদানে আনন্দ প্ৰকাশ কৰি কয় যে, 'মোৰ বুকু গৌৰৱেৰে উপচি পৰিছে। মই আজি বৰ সুখী। মোৰ ছোৱালীয়ে নিজৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিছে। মাৱিয়াই আমাৰ সন্মান বৃদ্ধি কৰিছে।" আনহাতে, মাৱিয়া ভনীয়েকে কয় যে, "মাৱিয়াই স্কুলৰ দিনৰ পৰাই সদায় বায়ু সেনাত যোগদান কৰিব বিচাৰিছিল আৰু আজি তাইৰ সপোন সঁচা অৰ্থত পৰিগণিত হৈছে।
বৰ্তমান, মাৱিয়া ছুদানে নিজকে যুঁজাৰু পাইলট হিচাপে সম্পূৰ্ণৰূপে প্ৰস্তুত কৰি তোলাৰ পূৰ্বে যুদ্ধৰ জটিলতাবোৰৰ সৈতে মোকাবিলা কৰিবলৈ এবছৰতকৈও অধিক সময়ৰ কঠোৰ প্ৰশিক্ষণৰ প্ৰস্তুতি চলাব। ফ্লাইট লেফটেনেণ্ট অৱনী চতুৰ্বেদী, ভৱানা কান্ত আৰু মোহনা সিং, ২০১৬ চনৰ জুন মাহত প্ৰাথমিক প্ৰশিক্ষণৰ পিছত ফ্লাইং অফিচাৰ হিচাপে যুঁজাৰু শাখাত যোগদান কৰা প্ৰথম মহিলা আছিল। ভাৰতীয় বায়ু সেনাত বৰ্তমান ১১ গৰাকী মহিলা যুঁজাৰু পাইলট আছে যিয়ে চুপাৰচনিক জেট উৰাবলৈ কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। এগৰাকী যুঁজাৰু পাইলটক প্ৰশিক্ষণ দিবলৈ প্ৰায় ১৫ কোটি টকাৰ প্ৰয়োজন হয় বুলি বায়ু সেনাই জানিবলৈ দিয়ে।
Comments