গুৱাহাটী, ২২ জুন: বিশ্বৰ ভিতৰতে আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা দেশ ইটালীত ২৮ জুনৰ পৰা সকলোৱে মাস্ক পৰিত্যাগ কৰিব। ইটালীৰ স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিযোগে কয় যে, "২৮ জুনৰ পৰা ইউৰোপৰ অন্যতম দেশ ইটালীত মাস্ক পিন্ধাটো আৰু বাধ্যতামূলক নহ'ব, কিয়নো উক্ত দেশখনত ৪৬ নিযুতৰো অধিক ভেকছিনৰ পালি প্ৰদান কৰা হৈছে।
ইটালীৰ স্বাস্থ্য মন্ত্ৰী ৰবেৰ্টো স্পেৰাঞ্জাই সামাজিক মাধ্যমত উল্লেখ কৰিছে যে, "দেশখনত কৰ’না ভাইৰাছৰ অগ্রগতিৰ নিৰীক্ষণ কৰিবলৈ শ্ৰেণীবিভাজন প্ৰণালীৰ অধীনত "বগা" লেবেল লগোৱা অঞ্চলবোৰত মাস্ক পিন্ধাৰ প্ৰয়োজনীয়তা উঠাই লোৱা হ'ব। উক্ত প্ৰণালীৰ ভিতৰত দূৰৈত থকা উত্তৰ-পশ্চিমৰ ক্ষুদ্ৰ আওষ্টা উপত্যকাৰ বাহিৰে ইটালীৰ সকলো চহৰ, অঞ্চল অন্তৰ্ভুক্ত হৈ আছে।
ইটালীৰ কমিটাটো টেক্নিকো চাইণ্টিফিকো (চিটিএছ)ৰ বৈজ্ঞানিকসকলৰ এক পৰামৰ্শমূলক বৈঠকৰ অন্তত স্পেৰাঞ্জাই উক্ত সিন্ধান্তটো গ্ৰহণ কৰে। য'ত কোৱা হৈছিল যে, "বৃহৎ জনসমাৱেশৰ বাবে ভাইৰাছ বিয়পাৰ অধিক আশংকা আছে, কিন্তু ২৮ জুনলৈ সংক্ৰমণৰ হাৰ কমি সমগ্ৰ ইটালীকে 'বগা অঞ্চল' হিচাপে শ্ৰেণীবদ্ধ কৰা হ'ব পাৰে।"
বৰ্তমান ইটালীত বিগত ২৪ ঘন্টাত মাত্ৰ ২১ জন ক'ভিড আক্রান্ত লোকৰ মৃত্যু হোৱাৰ পৰিৱৰ্তে ৪৯৫ জন লোক নতুনকৈ সংক্ৰমিত হৈছে। ২০২০ চনৰ আৰম্ভণিতে ক'ভিড মহামাৰীৰ ফলত ইটালীত ৪.২৫ নিযুত লোক কভিডত আক্রান্ত হোৱাৰ পৰিৱৰ্তে ১,২৭,২৯১ জন লোকৰ কভিডত মৃত্যু হৈছিল। বৰ্তমানলৈ, ইটালীত ১২ বছৰতকৈ অধিক বয়সৰ ৩০ শতাংশ লোকক ভেকছিন প্ৰদান কৰা হৈছে। অৰ্থাৎ দেশখনৰ ৬০ নিযুত জনসংখ্যাৰ ভিতৰত প্ৰায় ১৬ নিযুত লোকক ভেকছিন প্ৰদান কৰা হৈছে।
Comments
ষ্টিভেন স্পিলবাৰ্গৰ ইণ্ডিয়ানা জোনছ চলচ্চিত্ৰত অমৰিশ পুৰীয়ে অডিশ্যন দিবলৈ অস্বীকাৰ কৰিছিল ! কিন্তু কিয়?
Published on June 22, 2021|News Source : অৰূপ ডেকা
গুৱাহাটী, ২২ জুন: ষ্টিভেন স্পিলবাৰ্গৰ ইণ্ডিয়ানা জোনছ আৰু টেম্পল অৱ ডুমত খলনায়ক মোলাৰামৰ চৰিত্ৰত অভিনয় কৰা অমৰিশ পুৰীক চলচ্চিত্ৰ নিৰ্মাতা গৰাকীয়ে 'প্ৰিয় খলনায়ক, হিচাপে বিবেচিত কৰিছিল। চলচ্চিত্র খনৰ পূর্বে বিখ্যাত খলনায়কৰূপে স্বীকৃতি পোৱা অভিনেতা অমৰিশ পুৰীয়ে উক্ত চৰিত্ৰত অভিনয় কৰিবলৈ অমান্তি হৈছিল।
কাষ্টিং পৰিচালক ডলী থাকোৰে ভৌতিক চলচ্চিত্ৰ গেহৰাইৰ পৰা ষ্টিভেন স্পিলবাৰ্গলৈ তেওঁৰ ৰিলৰ কিছু অংশ প্ৰেৰণ কৰিছিল, কিন্তু অমৰিশ পুৰীক এই অংশটোত নিৰুৎসাহী যেন লাগিছিল। অমৰিশ পুৰীয়ে তেওঁৰ আত্মজীৱনী দ্য এক্ট অফ লাইফত লিখিছিল যে আমেৰিকান কাষ্টিং এজেণ্টসকলে তেওঁৰ সৈতে সাক্ষাৎ কৰিবলৈ ভাৰতলৈ আহিছিল, আৰু অডিশ্যনৰ পৰিৱৰ্তে, অমৰিশ পুৰীয়ে আমেৰিকান কাষ্টিং এজেণ্টসকলক এখন চলচ্চিত্ৰৰ ছেটত অভিনয়ৰ প্ৰদৰ্শন কৰা চাবলৈ কৈছিল। তেতিয়া এজেন্টসকলে অমৰিশ পুৰীৰ অভিনয় দেখি হতবাক হৈ পৰিছিল। অভিনেতা অমৰিশ পুৰীয়ে ইংৰাজীত থকা চলচ্চিত্ৰৰ পৃষ্ঠাসমূহ পঢ়িবলৈও অস্বীকাৰ কৰিছিল।