গুৱাহাটী, ২৫ জুন: এয়াৰ ইণ্ডিয়াৰ আন্তঃৰাষ্ট্ৰীয় বিমানত একমাত্ৰ যাত্ৰী হিচাপে অমৃতসৰৰ পৰা ডুবাইলৈ যাত্ৰা কৰা ইউনাইটেড আৰৱ, ডুবাইৰ ভাৰতীয় ব্যৱসায়ী এগৰাকীয়ে "মহাৰাজা" হৈ পৰিল। কিয়নো উক্ত বিমানখনত তেওঁৰ বাহিৰে অন্য কোনো যাত্ৰী উপস্থিত নথকাত বিশেষ ব্যক্তি বুলি অনুভৱ কৰি নিজকে 'মহাৰাজা' হিচাপে অভিহিত কৰে।
২৩ জুনৰ পুৱা প্ৰায় ৪ বজাত এয়াৰ ইণ্ডিয়া বিমান (এআই-৯২৯) অমৃতসৰৰ পৰা ডুবাইলৈ প্ৰায় তিনি ঘণ্টাযোৰ যাত্ৰাকালত ব্যৱসায়ী তথা সমাজসেৱক এছ পি সিং অবেৰয়ে জানিব পাৰিলে যে তেওঁ বিমানখনৰ একমাত্ৰ যাত্ৰী। তেওঁ গোটেই বিমানখনৰ একমাত্ৰ যাত্ৰী হোৱাৰ বাবে নিজকে বহু ভাগ্যৱান বুলি অনুভৱ কৰে লগতে তেওঁ সেইখিনি মূহুর্তত নিজকে মহাৰাজা বুলিও অভিহিত কৰে।
দহ বছৰৰ বাবে সোণালী ভিছা লাভ কৰা ডুবাইৰ ভাৰতীয় ব্যৱসায়ী অবেৰয়ে উক্ত যাত্ৰাকালীন বিষয় সন্দৰ্ভত কৈছিল যে, "যেতিয়া তেওঁ দিৰহাম-৭৫০ৰ তিনি ঘণ্টাৰ বিমানৰ বাবে টিকট ক্ৰয় কৰিছিল। তেতিয়া যাত্রাকালীন সময়ত বিমানৰ সকলো কৰ্মচাৰীয়ে খুব ভাল ব্যৱহাৰ কৰিছিল খালী বিমানখনৰ সৈতে তেওঁক ফটো তুলিছিল লগতে বিমানখনৰ কৰ্মচাৰী আৰু পাইলটসকলৰ সৈতে ফটো সংগ্ৰহ কৰিছিল।"
বিমানখনত অন্য কোনো সহ-যাত্ৰী নথকাত আৰু অকলশৰীয়াকৈ ভ্ৰমণ কৰাৰ সন্দৰ্ভত অবেৰয়ে কৈছিল যে, "যদি মই পৰৱৰ্তী সময়ত পুনৰবাৰ এককভাৱে ভ্ৰমণ কৰাৰ সুযোগ পাওঁ তেন্তে মই সেই যাত্ৰা অস্বীকাৰ কৰিম। কিয়নো সকলো বস্তু অথবা যিকোনো মূহুর্ত জীৱনটোত এবাৰ হ'লেই ভাল, এবাৰৰ অভিজ্ঞতাই এজন মানুহক বেছি আনন্দিত কৰে।"
লগতে উক্ত যাত্ৰাকালত অবেৰয়ে নিজকে মহাৰাজা হিচাপে অভিহিত কৰাৰ লগতে যথেষ্ট আমনিও অনুভৱ কৰিছিল। তেওঁ সময়খিনি পাৰ কৰিবলৈ বিমানখনৰ খিৰিকীৰ সংখ্যা, আসনৰ সংখ্যা গণনা কৰিছিল। অবেৰয়ক প্ৰথমে এয়াৰ ইণ্ডিয়াই তেওঁৰ যাত্ৰাৰ অনুমতি প্ৰত্যাখ্যান কৰিছিল যদিও, অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ হস্তক্ষেপৰ পিছত তেওঁক অনুমতি দিয়া হৈছিল। কিয়নো অবেৰয়ে সম্পূর্ণ ছিটাকৰণ গ্ৰহণ কৰি প্ৰমাণপত্ৰসহ সকলো ভ্ৰমণ নথি পত্ৰ প্ৰস্তুত কৰি ৰাখিছিল, আৰু হৰদীপ সিং পুৰীৰ মন্ত্ৰালয়ৰ হস্তক্ষেপত তেওঁক এয়াৰ ইণ্ডিয়া বিমান কৰ্তৃপক্ষই যাত্ৰা কৰিবলৈ অনুমতি প্ৰদান কৰে।
Comments
'মোদী উপাধি' মানহানিৰ গোচৰৰ বাবে চুৰাট আদালতত হাজিৰ ৰাহুল গান্ধী
Published on June 25, 2021|News Source : অৰূপ ডেকা
বিধায়কজনে তেওঁৰ অভিযোগত উল্লেখ কৰিছিল যে, "ৰাহুল গান্ধীয়ে সকলো চোৰৰ উমৈহতীয়া উপাধি মোদী বুলি কৈ সমগ্ৰ মোদী সম্প্ৰদায়ক বদনাম কৰিছে।" ঘটনা অনুসৰি ২০১৯ চনত কোলাৰৰ এখন নিৰ্বাচনী জনসভাত কংগ্ৰেছ দলৰ সভাপতি হৈ থকা ৰাহুল গান্ধীয়ে ভাষণ দি থকা অৱস্থাত কৈছিল যে, "মোৰ মনত এটা প্ৰশ্ন আছে। নীৰৱ মোদী, ললিত মোদী অথবা নৰেন্দ্ৰ মোদীয়ে হওঁক! সকলো চোৰৰ নামৰ শেষত মোদী কিয় আছে? আমি নাজানো এনে ধৰণৰ আৰু কিমান মোডী নামৰ ব্যক্তি ওলাই আহিব।"
বিজেপি দলে ৰাহুল গান্ধীৰ বক্তব্যৰ অপপ্রচাৰ চলাই সম্পূর্ণ মোদী সম্প্ৰদায়ৰ সৈতে সংযুক্ত কৰিছিল আৰু গান্ধীৰ লগতে সমস্ত দলসহ পৰিয়ালক অপমান কৰিছিল।" লগতে দলৰ জ্যেষ্ঠ নেতা আহমেদ পেটেলেও গান্ধীক সমৰ্থন কৰি কয়, "আইনখনক নিজৰ পথ ল'বলৈ দিয়ক।" ইয়াৰ পূর্বেও ২০১৯ চনত, ৰাহুল গান্ধীয়ে আদালতত হাজিৰ হৈছিল আৰু তেওঁৰ মন্তব্যৰ বাবে দোষী নহয় বুলি স্বীকাৰ কৰিছিল।