গুৱাহাটী, ২৪ জুন: মিজোৰাম চৰকাৰে ৰাজ্যখনৰ সাধাৰণ জনগণৰ সৃষ্টি হোৱা ভুল বুজাবুজিৰ লগতে বিভ্ৰান্তি বোৰ আঁতৰাবলৈ সকলো চৰকাৰী বিভাগৰ অধিসূচনাসমূহ ইংৰাজী আৰু মিজো দুয়োটা ভাষাতে জাননী জাৰি কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যৰ প্ৰশাসনিক বিভাগে এক বিজ্ঞপ্তিৰ জৰিয়তে এই নিৰ্দেশ জাৰি কৰে।
বিজ্ঞপ্তিত এইটো প্ৰকাশ কৰা হৈছে যে, "মিজোৰাম চৰকাৰৰ জ্ঞাত অনুসৰি ৰাজ্য চৰকাৰৰ অধীনত বিভাগ আৰু কাৰ্যালয়ৰ দ্বাৰা জাৰী কৰা কিছুমান চৰকাৰী নথিপত্ৰত ইংৰাজী আৰু মিজো দুয়োটা ভাষা ব্যৱহাৰ কৰাৰ প্ৰথাই, নথিপত্ৰৰ সমল সংশ্লিষ্ট বিষয়া আৰু ৰাইজে সম্পূৰ্ণৰূপে বুজি পোৱাত বাবে সুবিধা হ'ব।" সেয়েহে ৰাজ্য চৰকাৰে, উক্ত সমাধানটো বিচাৰি উলিওৱা ইয়াক ব্যৱহাৰ কৰাৰ দিশত বিচাৰ-বিবেচনা কৰিছে।
এতিয়াৰে পৰা মিজোৰাম চৰকাৰৰ অধীনৰ সকলো বিভাগ বা কাৰ্যালয়ত চৰকাৰী সঁজুলি, অধিসূচনা, কাৰ্যালয় স্মাৰকপত্ৰ আদি ইংৰাজী আৰু মিজো দুয়োটা ভাষাতে সংস্কৰণ কৰা হ'ব আৰু এই বিষয়টোৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ সকলো বিষয়ববীয়া তথা বিভাগীয় মূৰব্বীসকলৰ পৰা পৰামৰ্শ গ্রহণ কৰা হৈছে।" বিজ্ঞপ্তিখনত এইটো প্ৰকাশ কৰা হৈছিল যে, "মিজোৰাম চৰকাৰে ইতিমধ্যে ১৯৮৭ চনৰ আগষ্টত জাননী দিছিল যে মিজো ভাষাক কিছুমান চৰ্ত সাপেক্ষে সকলো স্তৰতে ৰাজ্য প্ৰশাসনৰ সকলো চৰকাৰী কাম-কাজত ব্যৱহাৰ কৰা হ'ব।"
Comments