গুৱাহাটী, ২৪ জুন: গ্ৰুপ পৰ্যায়ত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ খেলসমূহৰ অন্তত, ইউৰো ২০২০ৰ ৰাউণ্ড অফ ১৬ ৰ বাবে তালিকা আৰু স্থান নিৰ্ধাৰণ কৰা হৈছে। ১৬ টা দলে পৰৱৰ্তী পৰ্যায়ৰ খেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে দলসমূহে পোনপটীয়াকৈ নকআউট খেলত যুঁজ দি কোৱাৰ্টাৰ ফাইনেলত উপনীত হ'ব পাৰিব।
আগন্তুক খেলবোৰ ড্ৰ'ত অন্ত পেলোৱা নহ'ব। যাৰ অৰ্থ হৈছে যে যদি কোনোবাখন খেল টাই অথবা ড্ৰ' হয়, তেন্তে দলসমূহক অতিৰিক্ত সময় আৰু পেনাল্টি শ্বুট আউটৰ সুবিধা দিয়া হ'ব। ইয়াৰ ফলত ইউৰো ২০২০ খেলৰ প্ৰতিদ্বণ্ডিতা তীব্ৰতৰ হ'ব।
ইউৰো ২০২০ৰ ৰাউণ্ড অফ ১৬ৰ তালিকা তলত উল্লেখ কৰা হ'ল:
শনিবাৰ, ২৬ জুন ২০২১
ৱেলছ বনাম ডেনমাৰ্ক - নেডাৰলেণ্ডৰ আমষ্টাৰডামৰ জোহান ক্ৰিউফ এৰেনাত নিশা ৯:৩০ বজাত
দেওবাৰ, ২৭ জুন ২০২১
ইটালী বনাম অষ্ট্ৰিয়া - ইংলেণ্ডৰ লণ্ডনৰ ৱেম্বলী ষ্টেডিয়ামত পুৱা ১২:৩০ বজাত
নেডাৰলেণ্ড বনাম চেক গণৰাজ্য- হাংগেৰীৰ বুদাপেষ্টৰ পুস্কাছ এৰেনাত নিশা ৮:৩০ বজাত
সোমবাৰ, ২৮ জুন ২০২১:
বেলজিয়াম বনাম পৰ্তুগাল- স্পেইনৰ চেভিলৰ লা কাৰ্টুজা ষ্টেডিয়ামত পুৱা ১২:৩০ বজাত
ক্ৰোৱেছিয়া বনাম স্পেইন - ডেনমাৰ্কৰ কোপেনহেগেনৰ পাৰ্কেন ষ্টেডিয়ামত নিশা ৯:৩০ বজাত
মঙলবাৰ, ২৯ জুন ২০২১
ফ্ৰান্স বনাম ছুইজাৰলেণ্ড - ৰোমানিয়াৰ বুখাৰেষ্টৰ নেচনেল এৰিনা বুখাৰেষ্টত পুৱা ১২:৩০ বজাত
ইংলেণ্ড বনাম জাৰ্মানী - ইংলেণ্ডৰ লণ্ডনৰ ৱেম্বলী ষ্টেডিয়ামত নিশা ৯:৩০ বজাত
বুধবাৰ, ৩০ জুন, ২০২১
চুইডেন বনাম ইউক্ৰেইন - স্কটলেণ্ডৰ গ্লাছগোৰ হেম্পডেন পাৰ্কত পুৱা ১২:৩০ বজাত
Comments
ক্ৰিষ্টিয়ানো ৰ'নাল্ড'ৰ আলী দাইৰ সৈতে যুটীয়াভাৱে সৰ্বকালৰ আন্তঃৰাষ্ট্ৰীয় শীৰ্ষ স্ক'ৰাৰৰ অভিলেখ
Published on June 24, 2021|News Source : অৰূপ ডেকা
প্ৰতিযোগিতাখনৰ পাঁচটা সংস্কৰণত অৱতীৰ্ণ হোৱা ৰ'নাল্ড'ৱেই হ'ল প্ৰথম জন খেলুৱৈ, যিজনে লগতে তিনিখন গ্ৰুপ এফ খেলত পাঁচবাৰলৈ স্ক'ৰ কৰিবলৈ সক্ষম হৈছে। জুভেণ্টাছ ষ্ট্ৰাইকাৰজনে বৰ্তমানলৈ ১৪ টা ইউৰোপিয়ান চেম্পিয়নশ্বিপ গ'ল কৰিছে, যি ফ্ৰান্সৰ মহান মিশেল প্লাটিনিতকৈ পাঁচগুণ অধিক, আৰু যিয়ে ১৯৮৪ চনত ফ্ৰান্সক ৯ বাৰ নেট গ'ল দি গৌৰৱৰ দিশে লৈ যাবলৈ সক্ষম হৈছিল।
দাইয়ে কেইবাবাৰো কৈছে যে, "যদি ৰ'নাল্ড'ৱে তেওঁৰ অভিলেখ ভংগ কৰে তেন্তে তেওঁ "আনন্দিত" হ'ব, কিয়নো তেওঁ বিশ্বাস কৰে যে জুভেণ্টাছ ষ্ট্ৰাইকাৰ গৰাকীয়ে ইতিহাসৰ শ্ৰেষ্ঠ দুজন খেলুৱৈ লিঅ'নেল মেছি আৰু ডিয়েগো মাৰাডোনাৰ সৈতে স্থান লাভ কৰিছে। আনহাতে ৰ'নাল্ড'ৰ ৰেকৰ্ড ভংগ কৰা সন্দৰ্ভত দাইয়ে কৈছিল যে, "ৰ'নাল্ড'ৰ ভিতৰত সঁচাকৈয়ে এই সফলতা অৰ্জন কৰাৰ গুণ আছে। ৰ'নাল্ড'ৰ প্ৰতি মোৰ যথেষ্ট সন্মান আছে। তেওঁ ইমান মহান খেলুৱৈ যে তেওঁৰ প্ৰশংসা কৈ শেষ কৰিব নোৱাৰি।"