Classifieds
View All
গুৱাহাটী, ২৪ জুন:মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই 'মাডাৰ্ছ অল্ড এজ হোম'ত উপস্থিত হ’লগৈ বিত্ত তথা সমাজকল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ।বৃদ্ধাশ্ৰমখনত থকা আৱাসীসকলৰ সৈতে মত বিনিময় কৰিলে।
অজন্তা নেওগে মণিকা আৰু উৎপলৰ সৈতেও মত বিনিময় কৰি তেওঁলোকৰ সমস্যা সন্দৰ্ভত কথা পাতিলে।মন্ত্ৰী নেওগে সিজুবাৰীত থকা আশ্ৰমখনৰ পৰিৱেশ-পৰিস্থিতি সন্দৰ্ভত বুজ ল’লে।উল্লেখযােগ্য যে,মন্ত্ৰী অজন্তা নেওগে কেইবাগৰাকী আইতাক ভৰি চুই সেৱা কৰিলে।
Comments
'মাডাৰ্ছ অল্ড এজ হোম'ৰ বেমেজালিৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
Published on June 24, 2021|News Source : প্ৰণৱজ্যোতি দত্ত
'মাডাৰ্ছ অল্ড এজ হোম'ৰ শেহতীয়া পৰিস্থিতি ব্যক্তিগতভাৱে তদাৰক কৰিবৰ বাবে সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।
উল্লেখ্যযোগ্য যে,২০১২চনৰ ২১ জুনত এই বৃদ্ধাশ্ৰমখন স্থাপন কৰা হৈছিল।আঁৰত আছিল এজন যুৱক উৎপল হৰ্ষবৰ্ধন।তেওঁ সংগী কৰি লৈছিল আন এগৰাকী যুৱতী মনিকা শৰ্মাক।মনালিছা ছ’চাইটিৰ নামত আৰম্ভ কৰা এই বৃদ্ধাশ্ৰমখনৰ জৰিয়তে উৎপল-মনিকাই মানুহৰ পৰা কেৱল আদায় কৰিছিল মৰম-চেনেহ আৰু আশীৰ্বাদ।
তেওঁলোকৰ আলপৈচানতে বহুতে জীৱনৰ অন্তিম বয়সত ঘূৰাই পাইছিল চৰম সুখ।এতিয়া সংঘাতে বৃদ্ধাশ্ৰমখনত থকা ৭০ গৰাকী ককা-আইতাৰ মনত তীব্ৰ অসন্তুষ্টি আৰু ক্ষোভৰ সৃষ্টি কৰিছে।সম্পূৰ্ণ ব্যক্তিগত বিষয়ৰ পৰা সূত্ৰপাত হোৱা এক কাজিয়াৰ পৰিণতিত বৃদ্ধাশ্ৰমখনৰ আৱাসীসকলক মানসিকভাৱে ভাঙি পেলালে।