গুৱাহাটী, ২৬ জুন: টাৱাঙৰ চেৰিং লামু জিলাৰ প্ৰাক্তন জিলা পৰিষদৰ অধ্যক্ষ (ZPC) আই লেকি নৰবু, ডুটংখাৰ-জেমেইথাংৰ জিলা পৰিষদৰ সদস্য (ZPM) থুটান গোম্বু, এলুংলা জিলা পৰিষদৰ সদস্য় (ZPM) তথা অতিৰিক্ত উপায়ুক্ত তাছি ধণ্ডুপ আৰু পঞ্চায়তৰ মুখ্য কৰ্মচাৰী মুমিথাং লাংলাৱে অৰুণাচলৰ লুমলা আৰু জেমিথাঙ জিলাৰ বাবে ১০৮ এম্বুলেন্স সেৱাৰ শুভাৰম্ভ কৰে।
উক্ত বিষয় সন্দৰ্ভত লুমলাৰ বিধায়ক জাম্বে তাছিয়ে তেওঁৰ সমষ্টিত প্ৰাথমিক চিকিৎসাৰ মূল সমল তথা জীৱন ৰক্ষাকাৰী ১০৮ এম্বুলেন্স সেৱা মুকলি কৰি দিয়া বাবে মুখ্যমন্ত্রী পেমা খাণ্ডু আৰু পৰিয়াল কল্যাণ মন্ত্ৰী আলো লিবাঙক কৃতজ্ঞতা জ্ঞাপন কৰে।
লগতে জেডপিএম লুংলাৰ বিধায়ক থুটান গোম্বুৱে কয় যে, "সমষ্টিটোত স্বাস্থ্য সেৱাৰ ক্ষেত্রত এই এম্বুলেন্স সেৱাই বিশেষ অৰিহণা আগবঢ়াব লগতে সকলোৰে স্বাস্থ্য উন্নীতকৰণত, ই এক বিশেষ উদগনিমূলক সমল হিচাপে খ্যাত হ'ব।"
Comments