গুৱাহাটী, ২৬ জুন: প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (DRDO) শেহতীয়াকৈ উৰিষ্যাৰ উপকূলৰ চান্দিপুৰৰ ইণ্টিগ্ৰেটেড টেষ্ট ৰেঞ্জত (আইটিআৰ) এটা মাল্টি-বেৰেল ৰকেট লঞ্চাৰৰ (এমবিআৰএল) পৰা স্বদেশ নিৰ্মিত পিনাকা ৰকেট আৰু ১২২ মিমি কেলিবাৰ ৰকেটৰ বৰ্ধিত পৰিসৰৰ সংস্কৰণ সফলতাৰে পৰীক্ষা সম্পন্ন কৰে। বৃহস্পতিবাৰে আৰু শুক্ৰবাৰে বিভিন্ন পৰিসৰৰ লক্ষ্যৰ বিপৰীতে পঁচিশটা বৰ্ধিত পিনাকা ৰকেট ক্ৰমান্বয়ে উৎক্ষেপণ কৰা হৈছিল।
উৎক্ষেপণৰ সময়ত সকলো অভিযানৰ উদ্দেশ্য পূৰণ কৰা হৈছিল। আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰালয়ে উক্ত বিষয় সন্দৰ্ভত এক বিবৃতিযোগে জানিবলৈ দিয়ে যে, "পিনাকা ৰকেট প্ৰণালীৰ বৰ্ধিত পৰিসৰৰ সংস্কৰণে ৪৫ কিলোমিটাৰ দূৰত্বলৈ লক্ষ্য ভেদ কৰিবলৈ সক্ষম হ'ব।
উক্ত বিষয় সন্দৰ্ভত সংস্থাৰ এগৰাকী বিষয়াই কয়, "পিনাকা ৰকেটৰ প্ৰণালী এনেদৰে নিৰ্মাণ কৰা হৈছিল যে, ই বহু দূৰত্বত থকা লক্ষ্যকো ভেদ কৰিবলৈ সক্ষম হয়।" দূৰত্বত থকা লক্ষ্যক ভেদ কৰিবলৈ ৰকেটবোৰৰ শুদ্ধতা পৰীক্ষণৰ বাবে বিভিন্ন পৰিসৰৰ সঁজুলিৰ দ্বাৰা উৎক্ষেপণ কৰা সকলো ৰকেটৰ অৱস্থিত সংগ্ৰহ কৰি থকা হৈছিল।"
ভাৰতীয় সেনাৰ বাবে প্ৰস্তুত কৰা ৪০ কিলোমিটাৰ পৰ্যন্ত লক্ষ্য ভেদ কৰিব পৰা এই ১২২ মিমি কেলিবাৰ ৰকেটৰ ৪ টা বৰ্ধিত পৰিসৰৰ সংস্কৰণ সম্পূৰ্ণ পদ্ধতিৰ সহায়ত পৰীক্ষণ কৰা হৈছিল আৰু ৰকেটবোৰেও সকলো পৰীক্ষামূলক অভিযান সফল কৰি তুলিছিল। এই বৰ্ধিত ৰকেট প্ৰণালীয়ে বৰ্তমানৰ ১২২ মিমি গ্ৰেড ৰকেটৰ স্থান ল'বলৈ সক্ষম হ'ব।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৰ্ধিত পিনাকা ৰকেট আৰু ১২২ মিমি কেলিবাৰ ৰকেটৰ সফল উৎক্ষেপণৰ বাবে ডিআৰডিঅ' আৰু উদ্যোগটোক অভিনন্দন জনায়। উক্ত ৰকেটৰ প্ৰণালীটো নাগপুৰৰ মেচাৰ্ছ ইকনমিক এক্সপ্লোচিভ লিমিটেডৰ উৎপাদন সমৰ্থনৰ সৈতে পুনেৰ আৰ্মামেণ্ট ৰিচাৰ্চ এণ্ড ডেভেলপ'মেণ্ট এষ্টাব্লিছমেণ্ট (এআৰডিই) আৰু উচ্চ শক্তি সামগ্ৰী গৱেষণা গৱেষণাগাৰ (এইচইএমআৰএল)ৰ দ্বাৰা যুটীয়াভাৱে প্ৰস্তুত কৰা হৈছে।
Comments