গুৱাহাটী, ২৬ জুন: ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান ড০ বলৰাম ভাৰ্গৱে ভেকছিন সন্দৰ্ভত কয় যে, "বিশ্বত প্ৰথমবাৰৰ বাবে কৰা এক অধ্যয়নত ভাৰতে ডেল্টা প্লাছৰ বিৰুদ্ধে ভেকছিনবোৰ কিমান কাৰ্যকৰী সেই বিষয়ে ইয়াৰ ফলাফল প্ৰস্তুত কৰিবলৈ আগবাঢ়িছে। এনে তথ্য দেশৰ কোনো ঠাইতে উপলব্ধ নহ'ব। ড০ ভাৰ্গৱে লগতে কয় যে এই প্ৰতিবেদনখন ৭ৰ পৰা ১০ দিনৰ ভিতৰত উপলব্ধ কৰা হ'ব।
স্বাস্থ্য মন্ত্ৰালয়ৰ সংবাদমেলত শুকুৰবাৰে ড° ভাৰ্গৱে এক বিষয়বস্তু উপস্থাপনত কৰি কয় যে, "ডেল্টা প্লাছ শেহতীয়াকৈ কৰিব লগীয়া মূল পৰীক্ষণটো হৈছে এই প্ৰকাৰটোৰ বিৰুদ্ধে ভেকছিনবোৰ কাৰ্যকৰী হয় নে নাই সেয়া নিৰীক্ষণ কৰা।" ডেল্টা ভেৰিয়েণ্টৰ চিনাক্তকৰণ ভাৰতত প্ৰথমে হৈছিল। এতিয়া ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে ডেল্টা প্লাছ প্ৰকাৰবিধৰ ওপৰত পৰীক্ষণ চলাই আছে। কিয়নো গৱেষণা পৰিষদৰ ওচৰত আলফা, বিটা প্ৰকাৰৰ বিষয়ে পৰ্যাপ্ত তথ্য আছে, কিন্তু ডেল্টাৰ বিষয়ে পৰ্যাপ্ত তথ্য প্ৰকাশ পোৱা নাই।
ড. ভাৰ্গৱে উপস্থাপন কৰা আন্তৰ্জাতিক তথ্য অনুসৰি, ভাৰত বায়'টেকৰ কভাক্সিন আলফা প্ৰকাৰৰ বিপৰীতে সমানে কাৰ্যকৰী হৈ আছে, অৱশ্যে বিটা আৰু ডেল্টা প্ৰকাৰৰ বিপৰীতে ইয়াৰ নিষ্ক্ৰিয়কৰণ ক্ষমতা তিনিগুণ হ্ৰাস হয়। কভিশ্বিল্ডৰ সামৰ্থ্য আলফা প্ৰকাৰৰ বিৰুদ্ধে ২.৫ ৰ পৰা ৯ গুণ আৰু ডেল্টাৰ বিৰুদ্ধে দুগুণ হ্ৰাস হয়। তথ্যত এইটোও প্ৰকাশ কৰা হৈছে যে, "ডেল্টা প্ৰকাৰৰ বিপৰীতে ফাইজাৰ আৰু মডাৰ্ণাৰ সামৰ্থ্য যথেষ্ট হ্ৰাস পায়।"
নিৰ্দিষ্ট প্ৰকাৰৰ বিপৰীতে ভেকছিনৰ কাৰ্যকৰীতা গুৰুত্ব সন্দৰ্ভত ডাঃ ভাৰ্গৱে বাখ্যা কৰি কয় যে, "এজন ব্যক্তিৰ শৰীৰত ভেকছিনে ভাইৰাছৰ বিৰুদ্ধে উচ্চ এন্টিবডি প্ৰস্তুত কৰিব পাৰে, কিন্তু ইয়াৰ প্ৰভাৱ আন প্ৰকাৰৰ বিৰুদ্ধে যথেষ্ট পৰিমাণে হ্ৰাস পাব পাৰে। ইয়াৰ বাবে তেতিয়া আন ভেকছিন থাকিব পাৰে য'ত ইমান উচ্চ স্তৰৰ এণ্টিবডী প্ৰস্তুত নকৰিলেও, কিন্তু এই ভেকছিন নিৰ্দিষ্ট কিছুমান প্ৰকাৰৰ বিৰুদ্ধে প্ৰভাৱ বেছি হ্ৰাস নাপায়।" ক'ভাক্সিন আৰু কভিশ্বিল্ড দুয়োটাই আলফা, বিটা, গামা আৰু ডেল্টাকে ধৰি ক'ভিড-১৯ ৰ সকলো প্ৰকাৰৰ বিপৰীতে কাৰ্যকৰী বুলি ড০ ভাৰ্গৱে কয়।
আনহাতে, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সঞ্চালক কয় যে, "ডেল্টা প্লাছ হৈছে এক নতুন প্ৰকাৰ। পৃথিৱীৰ ১২ খন দেশ আৰু দেশৰ ১১ খন ৰাজ্যত এই প্ৰকাৰবিধ চিনাক্ত কৰা হৈছে। গৱেষণা পৰিষদে ইয়াৰ পৃথকীকৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।"
কভাক্সিন, কভিশ্বিল্ড, ফাইজাৰ, মডাৰ্ণা, স্পুটনিক, ন'ভাক্স আৰু জনচন এণ্ড জনচন ক'ৰনা ভাইৰাছৰ প্ৰকাৰৰ বিৰুদ্ধে কিমান কাৰ্যকৰী!
আলফা প্ৰকাৰ: ক'ভাক্সিন আলফা প্ৰকাৰৰ দ্বাৰা অপ্ৰভাৱিত হৈ থাকে আনহাতে কভিশ্বিল্ডৰ নিষ্ক্ৰিয়কৰণ ক্ষমতা ২.৫ ৰ পৰা ৯ গুণ হ্ৰাস হয়। ইয়াৰে হ্ৰাসৰ পৰিমাণ সমূহ ক্ৰমে মডাৰ্ণাৰ আৰু ফাইজাৰৰ বাবে ০-২, স্পুটনিকৰ বাবে ০, নভাভেক্সৰ বাবে ২ আৰু জনচন এণ্ড জনছনৰ বাবে ১ তকৈ কম।
বিটা প্ৰকাৰ: ক'ভাক্সিনৰ প্ৰভাৱ এই প্ৰকাৰৰ বিপৰীতে তিনিগুণ হ্ৰাস হয়। সংখ্যাটো হৈছে কভিশ্বিল্ডৰ বাবে ০-৩১, ফাইজাৰ্মৰ বাবে ১-৪ আৰু ১-২৮, স্পুটনিকৰ বাবে ৭, নভাভেক্সৰ বাবে ১৫ আৰু জনচন এণ্ড জনছনৰ বাবে ৫-১০।
গামা প্ৰকাৰ : এই প্ৰকাৰৰ ফলত কভিশ্বিল্ডৰ ক্ষমতা তিনিগুণ হ্ৰাস হয়, ফাইজাৰৰ ক্ষমতা ১-৭ গুণ আৰু মডাৰ্ণাৰ ভেকছিনত ৩-৫ গুণ হ্ৰাস হয়।
ডেল্টা প্ৰকাৰ: এণ্টিবডীৰ স্তৰ নিষ্ক্ৰিয় কৰাত ৩ গুণ হ্ৰাস হয়, কভিশ্বিল্ডত ২ গুণ, ফাইজাৰত ৭-১০ গুণ আৰু মডাৰ্ণাত ৭ গুণ হ্ৰাস পায়।
Comments