গুৱাহাটী,২৭ জুন: ইণ্ডিয়ান আইডলৰ এইবাৰৰ সংস্কৰণ দীৰ্ঘদিন ধৰি সামাজিক মাধ্যমত চৰ্চাত আছে। দুৰ্ভাগ্যবশতঃ ধনাত্মক আলোচনাতকৈ ঋণাত্মক আলোচনাহে ই বেছিকৈ চৰ্চাত থকা দেখিবলৈ পোৱা গৈছে। চনু নিগম, সুনিধি চৌহান, অভিজিত ভট্টাচাৰ্যৰ দৰে স্বনামধন্য গায়কে এই অনুষ্ঠানটোৰ ক’লা দিশ উন্মোচন কৰিছিল। পৱনদীপ ৰাজন আৰু অৰুণিতা কাঞ্জিলালৰ ৰোমান্টিক যুটীয়ে ইণ্ডিয়ান আইডলৰ টিআৰপি আৰু অধিক বৃদ্ধি কৰিছিল । সেইবাবে বহুতো মিছা আৰু কোনোধৰণৰ যোগসূত্ৰ নথকা কথাৰেও দুয়োৰে প্ৰেম প্ৰতিপন্ন কৰাৰ যথেষ্ট চেষ্টা কৰে বিচাৰকসকলে।
পৱনদীপ ৰাজন আৰু অৰুণিতা কাঞ্জিলালৰ যুটীয়ে নিৰ্মাতাসকলক ধন আহৰণত সহায় কৰাহে পৰিলক্ষিত হৈছে। বহুতে অভিযোগ কৰিছে ইণ্ডিয়ান আইডল এটা গানৰ ৰিয়েলিটি শ্ব' হ'ব প্ৰেমৰ ৰিয়েলিটি শ্ব' স্প্লিটচভিলা নহয়!
বহুতে টুইটাৰত লিখিছে যে "সঁচাকৈয়ে এয়া অলপ বেছি হৈ গৈ আছে। এওঁলোকৰ নিশ্চিতভাৱে কোনো ধৰণৰ প্ৰকৃত প্ৰেমৰ সম্পৰ্ক নাই"।
Comments