সোণাৰি , ২৬ জুন : উজনি অসমৰ গ্ৰাম্য অৰ্থনীতিত অভূতপূৰ্ব বৰঙণি আগবঢ়াই আহিছে ক্ষুদ্ৰ চাহখেতিয়ক সকলে। বিগত কেবা দশক কাল ধৰি ক্ষুদ্ৰ চাহ খেতি উজনি অসমৰ অন্যতম প্ৰধান কৃষি হিচাপে চিহ্নিত হৈ আহিছে। কিন্তু অতি সম্প্ৰতি এই কৃষি কৰ্মৰে জড়িত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে নানা সমস্যাৰ সন্মুখীন হোৱাৰ লগতে উৎপাদিত কেঁচা চাহপাতৰ সঠিক মূল্য নোপোৱাৰ অভিযোগ উঠিছে।
প্ৰাপ্ত অভিযোগ মতে, ক্ষুদ্ৰ চাহ খেতিয়ক সকলে উৎপাদন কৰা কেঁচা চাহপাতৰ মূল্য বিৰ্তমান অভাৱনীয় হাৰত হ্ৰাস পাইছে। যাৰ পৰিপ্ৰেক্ষিতত ক্ষুদ্ৰ চাহ খেতিৰে জড়িত কৃষক সকলৰ লগতে সমগ্ৰ ক্ষুদ্ৰ চাহ উদ্যোগটোলৈ চৰম অন্ধকাৰ নামি আহিছে। উল্লেখযোগ্য যে বিগত উৎপাদন বৰ্ষৰ আৰম্ভৰ পৰা চলা কৰ'না পৰিস্থিতি আৰু জলবায়ুৰ পৰিৱৰ্তন আৰু এইবাৰ কেঁচা পাতৰ উৎপাদন প্ৰাৰম্ভিক অৱস্থাত যথেষ্ট পৰিমাণে হ্ৰাস পোৱাত ক্ষুদ্ৰ চাহ খেতিয়ক সকল বৃহৎ লোকচানৰ সন্মুখীন হব লগা হৈছিল। চলিত বৰ্ষৰ মাৰ্চ এপ্ৰিল মাহত বৰ্ষণ শূন্য হোৱাৰ বাবে দীঘলীয়া খৰাং বতৰে ক্ষুদ্ৰ চাহখেতিত মাধমাৰ শোধাইছিল।
এনে সময়ত যি নুন্যতম কেঁচা চাহপাত উৎপাদন হৈছিল সেয়া প্ৰতি কেজিত সৰ্বোচ্চ ৬০ টকা পৰ্যন্ত মূল্যত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে বিক্ৰী কৰিবলৈ সক্ষম হৈছিল। কিন্তু লাহে লাহে বৰষুণৰ পৰিমাণ বাঢ়ি অহাত কেঁচা চাহপাতৰ উৎপাদন বৃদ্ধি পাবলৈ ধৰাত বৃহৎ চাহ গোষ্ঠীৰ কলঘৰ সমূহত ক্ষুদ্ৰ চাহ খেতিয়কসকলে যোগান ধৰা কেঁচা চাহপাতৰ মূল্য অভাৱনীয় হাৰত কমি আহিব ধৰে। যাৰবাবে চৰম সংকটত পৰিব লগীয়া হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল।
ইফালে সংশ্লিষ্ট কৃষি কৰ্মত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ, কীটনাশক বোৰৰ দাম অভাৱনীয় ৰূপত বৃদ্ধি পাব ধৰাত হাহাকাৰ পৰিবেশ সৃষ্টি হৈছে চাহ খেতিয়ক সকলৰ মাজত। ক্ষুদ্ৰ চাহ খেতিৰ যোগেদি আত্মনির্ভৰশীল হোৱা অসমৰ প্ৰায় তিনি লক্ষ ক্ষুদ্ৰ চাহ খেতিয়ক আৰু তেওঁলোকৰ সৈতে প্রত্যক্ষ ভাবি জড়িত থকা প্ৰায় পোন্ধৰ লক্ষ শ্ৰমিকে অসমৰ ৰাজভৰাললৈ বছৰি বৃহৎ পৰিমাণৰ ৰাজহ জমা দি আহিছে।
এনে প্ৰেক্ষাপটত প্ৰচুৰ সম্ভাৱনা পূৰ্ণ চাহখেতি জীয়াই ৰখাৰ স্বাৰ্থত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলিক ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ সমস্যাসমূহ সমাধানৰ আহ্বান জনাইছে ভুক্তভোগী ক্ষুদ্ৰ চাহ খেতিয়ক সকলে।
Comments