Classifieds
View All
গুৱাহাটী,২৭ জুন:কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে শনিবাৰে সমগ্ৰ দেশৰ অলিম্পিকলৈ ৰাওনা হ'ব লগীয়া ভাৰতীয় খেলুৱৈসকলৰ বাবে 'চিয়েৰ আপ' কেম্পেইন ঘোষণা কৰে । অহা ২৩ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া টকিঅ' অলিম্পিক গেমছত অংশগ্ৰহণ কৰিব লগীয়া খেলুৱৈসকলৰ সমৰ্থনত ৰাইজক ওলাই আহিবলৈ আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
ভাৰতৰ পৰা এতিয়ালৈকে ১০০ ৰো অধিক খেলুৱৈয়ে এইখন গুৰুত্বপূৰ্ণ খেলত যোগদানৰ বাবে যোগ্যতা অৰ্জন কৰিছে । ৰিজিজুৱে কৈছিল যে খেলুৱৈ সকলক সমৰ্থন কৰি উৎসাহ বৃদ্ধি কৰিবলৈ দেশত ৬০০০ তকৈও অধিক চেলফি পইণ্ট স্থাপন কৰা হ'ব।
ৰিজিজুৱে লগতে কয়, "মই ৰে'লমন্ত্ৰী পীয়ুষ গোৱেলৰ সৈতে মই কথা পাতিছো আৰু তেওঁ সমগ্ৰ দেশৰ ৬০০০ ৰে'ল ষ্টেচনত স্থান নিৰ্ণয় কৰিছে য'ত অলিম্পিক ছেলফি পইণ্ট স্থাপন কৰা হ'ব ।"
Comments