গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ২৭ জুন ঃ সদায়ে লোকচানত চলি থকা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বিৰুদ্ধে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷ ৰাজ্যিক পৰিবহণ নিগমৰ ব’র্ড কর্তৃপক্ষৰ কর্তৃত্বত হস্তক্ষেপ কৰিছে মুখ্যমন্ত্রীয়ে৷ এতিয়াৰ পৰা ৰাজ্যিক কেবিনেটক অৱগত নকৰোৱাকৈ পৰিবহণ নিগমৰ ব’র্ড কর্তৃপক্ষই নিজাববীয়াকৈ কোনো সিদ্ধান্ত গ্রহণ কৰিব নোৱাৰিব বা কার্যকৰী কৰিব নোৱাৰিব বুলি মুখ্যমন্ত্রীয়ে সকীয়াই দিছে৷ নিগমৰ প্রতিটো সিদ্ধান্তক ব’র্ড কর্তৃপক্ষই কেবিনেটক অবগত কৰিব লাগিব আৰু কেবিনেটে অনুমোদন জনোৱাৰ পাছতহে সিদ্ধান্ত কার্যকৰী হ’ব৷
আনন্দ প্রকাশ তিৱাৰীয়ে অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালকৰ পদ এৰাৰ পাছতেই মুখ্যমন্ত্রীয়ে পৰিবহণ নিগম কর্তৃপক্ষক এই কঠোৰ নির্দেশ দিছে৷ উল্লেখযোগ্য যে নিগমৰ প্রতিটো সিদ্ধান্তৰ ক্ষেত্রত ব’র্ডে চূড়ান্ত সিদ্ধান্ত লৈ কার্যকৰীকৰণত অনুমোদন জনাই আহিছিল৷ নিগমৰ গাড়ী ক্রয় কৰা, নিগমৰ ভূমি লীজত দিয়া, নতুন নিযুক্তি মুকলি কৰা, কর্মচাৰীক পদোন্নতি দিয়া আদি বিভিন্ন সিদ্ধান্ত নিগমৰ ব’র্ডে গ্রহণ কৰি কার্যকৰীকৰণৰ বাবে অনুমোদন জনাই আহিছিল৷ নিগমৰ এই ব’র্ডত আই আই টি গুৱাহাটী, ৰে’লৱে, গড়কাপ্টানী বিভাগ, ৰাজহ বিভাগ আদিৰ সদস্য অন্তর্ুক্ত কৰি যিকোনো সিদ্ধান্ত কার্যকৰীকৰণৰ বাবে গ্রহণ কৰি আহিছিল৷
কিন্তু অতি শেহতীয়াকৈ কেইটামান পেট্রল ডিপ’ স্থাপনৰ বাবে নিগমৰ ভূমি একাংশ নির্দিষ্ট ব্যক্তিৰ নামত লীজত দিয়া ঘটনাক কেন্দ্র কৰি চর্লৈ আহিছিল অসম ৰাজ্যিক পৰিবহণ নিগম৷ নিগমৰ ব’র্ড কর্তৃপক্ষই নীতিবহির্ভূতভাৱে ১৮টা পেট্রল ডিপ’ স্থাপনৰ বাবে নির্দিষ্ট একাংশ ব্যক্তিৰ নামত ভূমি আবণ্টন দিয়া বুলি চর্ চলিছিল৷ ব’র্ডৰ এই সিদ্ধান্তৰ কথা ৰাজহুৱা হৈ পৰাত বিষয়টোক লৈ বিভাগীয় মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে অৱগত নহয় বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল৷ আনকি মন্ত্রীৰ অজ্ঞাতে পদোন্নতি বিষয়ক লৈয়ো ব’র্ডে সিদ্ধান্ত লোৱাৰ কথা চর্লৈ আহিছিল৷
লোকচানত চলি থকা নিগমটোৰ অভ্যন্তৰীণ বিষয়ক লৈ শেহতীয়াকৈ কেতবোৰ অনিয়মৰ কথা পোহৰলৈ অহাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি এক পর্যালোচনা বৈঠকত মিলিত হয় আৰু ব’র্ডৰ কর্তৃত্বত হস্তক্ষেপ কৰে৷ আগন্তুক দিনত ব’র্ডে যি সিদ্ধান্ত গ্রহণ কৰে, সেই সিদ্ধান্ত পোনে পোনে কার্যকৰীকৰণৰ বাবে অনুমোদন দিব নোৱাৰিব বুলি সকীয়াই দি প্রতিটো সিদ্ধান্তকে কেবিনেটলৈ প্রেৰণ কৰিবলৈ নির্দেশ দিয়ে৷
অর্থাৎ এতিয়াৰ পৰা প্রায় মূল্যহীন হ’ল অসম ৰাজ্যিক পৰিবহণ নিগমৰ ব’র্ড কর্তৃপক্ষ৷ চৰকাৰৰ এই সিদ্ধান্তৰ লগে লগে নিগমৰ ভূ-সম্পত্তি ব্যৱহাৰৰ ক্ষেত্রতো এতিয়াৰ পৰা চৰকাৰে চূড়ান্ত সিদ্ধান্ত ল’ব পাৰিব৷ এড৲ভাণ্টেজ আছামৰ সময়ত ৰাজ্য চৰকাৰ আৰু পৰিবহণ নিগমৰ মাজত হোৱা চুক্তি মর্মে নিগমৰ পৰিত্যক্ত ভূমি ব্যাৱসায়িক কাৰণত ব্যৱহাৰ কৰাৰ কথা আছিল৷ সেই মর্মে নিগমৰ ব’র্ড কর্তৃপক্ষই নিগমৰ পৰিত্যক্ত ভূমি লীজত দি আয় বৃদ্ধি কৰাৰ কৌশল লৈছিল৷ কিন্তু এই লীজ প্রক্রিয়াত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠাৰ পৰিপ্রেক্ষিতত ইয়াৰ চূড়ান্ত সিদ্ধান্ত চৰকাৰৰ ওচৰলৈ যোৱাত এতিয়া নিগমৰ ভূমি-সম্পত্তি ব্যৱহাৰৰ সিদ্ধান্ত চৰকাৰেই ল’ব পৰাটো নিশ্চিত হ’ল৷
Comments