গুৱাহাট, ২৮ জুন: কেৰালা আৰক্ষীৰ এজন সশস্ত্ৰ আৰক্ষী পৰিদৰ্শক তথা সাঁতোৰবিদ ২৭ বছৰীয়া সজম প্ৰকাশে, টকিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা পৰিপ্ৰেক্ষিতত ভাৰতৰ প্ৰথম গৰাকী অলিম্পিকত যোগ্যতা অৰ্জন কৰা সাঁতোৰবিদ খেলুৱৈ হৈ পৰিছে। আৰক্ষী বিষয়া গৰাকীয়ে আন্তৰ্জাতিক সাঁতোৰৰ 'এ' মানদণ্ড ভংগ কৰা প্ৰথম গৰাকী ভাৰতীয় খেলুৱৈ হিচাপে ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হয়।
সজন প্ৰকাশৰ কৃতিত্বৰ পিছত, কেৰালা আৰক্ষীয়ে টুইটাৰ যোগে প্ৰশংসা কৰি কয় যে, "এইটো দেশৰ বাবে অতি "গৌৰৱৰ মুহূৰ্ত", কিয়নো সজনে কিছু বছৰ পূর্বে সাঁতোৰৰ প্ৰশিক্ষণৰ সময়ত পিছলি পৰি ডিঙিত আঘাট পোৱাৰ লগতে শ্লিপ ডিস্কৰ আঘাটৰ সৈতে যুঁজ দিবলগীয়া হৈছিল। কিন্তু তেওঁ সকলোবোৰ সহ্য কৰিও এই বিশাল কৃতিত্ব অৰ্জন কৰাত কেৰালা আৰক্ষীৰ লগতে ভাৰতবাসী আজি গৰ্বিত হৈ পৰিছে।
আনহাতে, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিউৱে সজন প্ৰকাশৰ কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰে। ইপিনে, উক্ত কৃতিত্ব সন্দৰ্ভত আৰক্ষী পৰিদৰ্শক তথা সাঁতোৰবিদ সজয় প্ৰকাশে কয় যে, "মই সদায় নিজৰ লগতে মোৰ প্ৰশিক্ষক প্ৰদীপ কুমাৰৰ প্ৰশিক্ষণৰ ওপৰত সদায়ে বিশ্বাস ৰাখিছিলো। প্ৰদীপ ছাৰৰ ওচৰত মই সদায়েই ঋণী হৈ থাকিম। মোৰ বিশ্বাস আছিলে যে মই এই সফলতা অৰ্জন কৰিব পাৰিম।"
তথ্য অনুসৰি, প্ৰকাশে ভাৰতীয় চুইমিং ফেডাৰেচনৰ দ্বাৰা ইউনিভাৰ্চেলিটি স্পটৰ বাবে মনোনীত হোৱা মানা পেটেলৰ সৈতে টকিঅ' অলিম্পিকত প্ৰতিদ্বন্দিতা কৰিব বুলি জানিব পৰা গৈছে। সজন প্ৰকাশৰ ২০১৬ ৰ ৰিঅ' অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ পিছত এইখন তেওঁৰ দ্বিতীয় অলিম্পিক হ'ব।
Comments