গুৱাহাটী, ২৮ জুন: ইউৰোপিয়ান চেম্পিয়নশ্বিপ ২০২০ৰ বেলজিয়াম আৰু পৰ্তুগালৰ মাজত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ খেলখনত বেলিজিয়ামৰ থৰ্গান হেজাৰ্ডে প্ৰথম হাফত দিয়া গ'লটোৱে দলটোক অনায়াসে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাত সহায় কৰে। দেওবাৰে অনুষ্ঠিত হোৱা পৰ্তুগাল-বেলজিয়ামৰ খেলখনত ডৰ্টমুণ্ডৰ মিড ফিল্ডাৰ খেলুৱৈ হেজাৰ্ডে ৪২ মিনিট অতিক্রম কৰাৰ সময়ত বলটো বক্সৰ বাহিৰত পোৱাৰ লগে লগে সোঁফালে তলৰে এটা সুন্দৰ গ'ল দিয়ে।
প্লেয়াৰ অৱ দ্য মেচ হিচাপে বিবেচিত হোৱা ২৮ বছৰীয়া যুৱকজনে কয়, মেচখনত জয়ী হোৱাৰ কয় যে, "উক্ত খেলখনৰ গ'লটো আমাৰ বাবে এটা সুন্দৰ লক্ষ্য আছিল আৰু আমি বিৰোধী খেলুৱৈসকলক অনায়াসে পৰাস্ত কৰিবলৈ সক্ষম হৈছো।" ইতিমধ্যে, ৰবেৰ্টো মাৰ্টিনেজৰ দলটোৱে পৰৱৰ্তী ২ জুলাইত মিউনিখত ইটালীৰ সৈতে মুখামুখি হ'ব জানিব পৰা গৈছে, যিয়ে সকলো পইউৰো-২০২০ৰ প্ৰতিখন খেলত জয়লাভ কৰি আহিছে।
আনহাতে, বেলজিয়ামৰ ডিফেণ্ডাৰ খেলুৱৈ থমাছ ভাৰ্মালেনে কয় যে, "পৰ্তুগালে আমাৰ বাবে খেলখন সঁচাকৈয়ে কঠিন কৰি তুলিছিল। আমি সঁচাকৈয়ে মনোনিৱেশ কৰি থাকিব লগীয়া হৈছিল। ইয়াৰ বাবে আমাৰ যথেষ্ট পৰিশ্ৰম হৈছিল। বৰ্তমান আমি ইটালীৰ বিৰুদ্ধে খেলবলৈ প্ৰস্তুতি চলাই আছো।"
ইপিনে পৰাজয়বৰণ কৰা পৰ্তুগালৰ খেলুৱৈসকলে কয় যে, "আমি বহুত হতাশ হৈ পৰিছো; আমি ভাবিছিলো যে ২০১৬ চনৰ পিছত পৰ্তুগালে এই প্ৰতিযোগিতাখনত পুনৰ জয়ী হ'ব পাৰিম। বৰ্তমান আমাৰ দলৰ খেলুৱৈসকলে কাপোৰ সলোৱা ৰুমত গৈ দুখ প্ৰকাশ কৰি আছে। পৰ্তুগালে যিমান আগুৱাই আহিব পাৰিলে, তাৰ বাবে অজি সকলোৱে গৌৰৱান্বিত হোৱা উচিত।"
পৰ্তুগালৰ চুপাৰষ্টাৰ খেলুৱৈ ক্ৰিষ্টিয়ানো ৰ'নাল্ড'ই ইউৰো-২০২০ত গ'ল স্ক'ৰৰ ধাৰা বৃদ্ধি কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। তেওঁ ১০৯ টা আন্তঃৰাষ্ট্ৰীয় গ'লেৰে ইৰাণৰ প্ৰাক্তন ষ্ট্ৰাইকাৰ আলী দাইৰ সৈতে সমকক্ষত উপনীত হ'বলৈ সক্ষম হয়। ৩৬ বছৰীয়া অভিজ্ঞ খেলুৱৈগৰাকীয়ে ইতিমধ্যে তিনিখন গ্ৰুপ মেচৰ পৰা পাঁচটা গ'ল পঞ্জীয়ন কৰাৰ লগতে মিচেল প্লাটিনিৰ টাই গ'লৰ স্ক'ৰৰ সৈতে ১৪ টা গ'ল দি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে আৰু উক্ত প্ৰতিযোগিতাখনৰ সৰ্বকালৰ একমাত্ৰ শ্ৰেষ্ঠ গ'ল দিয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ৰ'নাল্ড'ৱে জাৰ্মানীৰ মিৰোস্লাভ ক্লোজকৰ সৰ্বকালৰ ২১ টা গ'লৰ অভিলেখকো অতিক্রম কৰিবলৈ সক্ষম হৈছে।
Comments