গুৱাহাটী, ২৮ জুন: বলীউডৰ জনপ্রিয় অভিনেত্রী তথা চেইফ আলী খানৰ সহধর্মিণী কৰীণা কাপুৰ খানৰ কৰ্মজীৱনৰ আৰম্ভণিতে চিনেমা উদ্যোগত কেইবাজনো সহ-অভিনেতাৰ সৈতে সম্পৰ্ক আছিল বুলি কেইবাবাৰো চৰ্চাৰ বিষয় হৈ আহিছে। ইয়াৰ লগতে কৰণ জ'হৰৰ দ্বাৰা নিৰ্মিত কভি খুশী কভী গম(২০০১) চিনেমাত অভিনয় কৰা সময়ত কৰণীই ঋত্বিক ৰৌশনৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি আহিছিল বুলি বহুটো খবৰ পোৱা গৈছিল। কিন্তু এই সকলোবোৰ খবৰ অভিনেত্রী কৰীণাই ভুৱাবাতৰি আখ্যা দি সকলো কথা অস্বীকাৰ কৰে।
চিনেমাৰ স্কীণত দেখা পোৱা দুয়োগৰাকী তাৰকা শিল্পীৰ অতি ৰোমান্টিক অভিনয়ে সকলোকে তেওঁলোকৰ মাজত সম্পর্ক থকা বুলি ভাবিবলৈ বাধ্য হৈছিল। পৰৱৰ্তী সময়ত দুয়োকে "য়াদেইন" (২০০১) আৰু "মে প্ৰেম কি দিৱানী হুঁ" (২০০৩) চিনেমাত একলগে অভিনয় কৰা দেখা গৈছিল। বলিউডৰ কিছু খবৰৰ ভিত্তিত জানিব পৰা গৈছিল যে, ঋত্বিকে চুচান খানৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত ঋত্বিকৰ পৰিয়ালে তেওঁক কৰীণা কাপুৰক সৈতে দূৰত্ব বজাই ৰাখিবলৈ পৰামৰ্শ দিছিল। লগতে আন এক প্ৰতিবেদনত প্ৰকাশ হৈছিল যে, "কৰীণাই ঋত্বিকৰ সৈতে থাকিবলৈ নিজৰ কেৰিয়াৰ এৰিবলৈ ইচ্ছুক।"
২০০২ চনত ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানৰ সাক্ষাৎকাৰত, কৰীণাই এই সকলোবোৰ কথা তথা অভিযোগক ভুৱা বুলি আখ্যা দিছিল। কৰীণাই লগতে কৈছিল যে, "ঋত্বিকে বিবাহিত হোৱা বাবে মিছাকৈ প্ৰভাৱিত হ'ব পাৰে বুলি মই চিন্তিত হৈ পৰিছিলো। মোৰ বাবে, এইটো বিপদজনক হৈ পৰিছিল। এই বিষয়ত ঋত্বিক প্ৰথমে সাঙুৰ খাই পৰিছিল, কাইলৈ সেইজন আন কোনোবা হ'ব পাৰে।"
আনহাতে কৰীণাক দিয়া পৰামৰ্শবোৰৰ বাবে বৰ বিশেষ আমোদ পোৱা নাছিল, কিয়নো অভিনেত্ৰী গৰাকীয়ে নিজৰ এই অভিযোগবোৰৰ বাবে কৰ্মজীৱন ত্যাগ কৰিবলৈ ইচ্ছুক হৈছিল। শেষত অভিনেত্ৰী গৰাকীয়ে উক্ত অভিযোগ বোৰৰ পৰা দূৰত থাকিবলৈ সকলোকে অনুৰোধ কৰিছিল। লগতে কৈছিল, "মই কোনো বিবাহিত পুৰুষৰ সৈতে আকৰ্ষিত হোৱা নাই, আৰু তেওঁলোকৰ সৈতে মোৰ কোনোধৰণৰ সম্পৰ্ক নাই। বিবাহিত পুৰুষসকল মোৰ কৰ্মজীৱনত হেঁঙাৰ হৈ উঠিব পাৰে।"
Comments
ভাৰতৰ ভাগ্য সলাবলৈ ইংলেণ্ডত উপস্থিত হ'ল সুনীল চেট্টীৰ জীয়ৰী তথা জনপ্রিয় অভিনেত্রী আথিয়া চেট্টী
Published on June 28, 2021|News Source : অৰূপ ডেকা
আথিয়াই ব্যক্তিগত ইনষ্টাগ্রাম একাউন্টত একাপ গৰম চাহৰ ফটোৰ সৈতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) জ্যেষ্ঠ প্ৰযোজক ৰাজল অৰোৰাক টেগ কৰি শিৰোনাম দিয়ে যে, ভাৰতীয় ক্রিকেট দলটোৰ বাবে "আপুনি আশীৰ্বাদ কৰক।" এই মন্তব্য শাৰীৰ পৰাই আথিয়াৰ অনুৰাগীসকলে অনুমান কৰিছে, যে অভিনেত্রী গৰাকীও ইংলেণ্ডত ক্ৰিকেটৰ খেল উপভোগ কৰিব গৈছে।
চলিত বৰ্ষৰ এপ্ৰিল মাহত বলীউডৰ অভিনেত্ৰী গৰাকীয়ে ক্রিকেট খেলুৱৈ কে এল ৰাহুলৰ জন্মদিনৰ দিনটোত এক বিশেষ হৃদয়স্পৰ্শী বাৰ্তা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। লগতে আথিয়াই ৰাহুলৰ সৈতে ইনষ্টাগ্ৰামত দুয়োৰে একলগে থকা ফটো পোষ্ট কৰি "আপোনাৰ বাবে কৃতজ্ঞ, শুভ জন্মদিন" বুলি শিৰোনাম দিয়া পৰিলক্ষিত হৈছিল।