গুৱাহাটী, ২৮ জুন: চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতত অনুষ্ঠিত হ'বলগীয়া আইচিচি টি-টুৱেন্টি বিশ্বকাপ দেশখনৰ প্ৰচলিত ক'ভিড-১৯ পৰিস্থিতিৰ বাবে ইউনাইটেড আৰৱলৈ স্থানান্তৰিত কৰাৰ কথা আনুষ্ঠানিক ভাৱে প্ৰকাশ পাইছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) সভাপতি সৌৰভ গাংগুলীয়ে জানিবলৈ দিয়া অনুসৰি ব'ৰ্ডে ইতিমধ্যে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদক (আইচিচি) দেশৰ প্ৰচলিত ক'ভিড পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছে।
উক্ত বিষয় সংক্রান্তত সভাপতি সৌৰভ গাংগুলীয়ে কয় যে, আমি ভাৰতত অনুষ্ঠিত হ'বলগীয়া টি-টুৱেন্টি বিশ্বকাপ ইউনাইটেড আৰৱলৈ স্থানান্তৰ কৰাৰ বাবে ইতিমধ্যে আনুষ্ঠানিকভাৱে আইচিচিক অৱগত কৰিছো।"
দেশৰ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আইচিচিয়ে বিচিচিআইক চলিত মাহৰ আৰম্ভণিতে চাৰি সপ্তাহৰ খেলৰ প্ৰণালী তৈয়াৰ কৰাৰ লগতে ভাৰতে বৃহৎভাৱে বাণিজ্যিকৰ উদ্দেশ্যেৰে খেল আয়োজন কৰিব পাৰিব নে নাই সেই বিষয়ে সিদ্ধান্ত ল'বলৈ আৰু অৱগত কৰিবলৈ কৈছিল। ক'ভিড-১৯ পৰিস্থিতিৰ বাবে আইচিচিয়ে বিগত বছৰত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগীয়া টি-টুৱেন্টি বিশ্বকাপ বাতিল কৰিব লগা হৈছিল।
যেতিয়া পাকিস্তান ক্রিকেট ব'ৰ্ডে কিছুদিন পূর্বে পাকিস্তান ক্রিকেট লিগ শৃংখলাৰ বাকী খেলসমূহ সুচীৰুৰূপে আয়োজিত কৰিবলৈ সক্ষম হৈছিল, তেনে পৰিপ্ৰেক্ষিতত ক্ৰিকেটৰ অন্য খেলসমূহ ইউনাইটেড আৰৱত অনুষ্ঠিত কৰাৰ বাবে সুৰক্ষিত স্থান হিচাপে বিবেচিত হৈছে।
Comments
ভাৰতৰ ভাগ্য সলাবলৈ ইংলেণ্ডত উপস্থিত হ'ল সুনীল চেট্টীৰ জীয়ৰী তথা জনপ্রিয় অভিনেত্রী আথিয়া চেট্টী
Published on June 28, 2021|News Source : অৰূপ ডেকা
আথিয়াই ব্যক্তিগত ইনষ্টাগ্রাম একাউন্টত একাপ গৰম চাহৰ ফটোৰ সৈতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) জ্যেষ্ঠ প্ৰযোজক ৰাজল অৰোৰাক টেগ কৰি শিৰোনাম দিয়ে যে, ভাৰতীয় ক্রিকেট দলটোৰ বাবে "আপুনি আশীৰ্বাদ কৰক।" এই মন্তব্য শাৰীৰ পৰাই আথিয়াৰ অনুৰাগীসকলে অনুমান কৰিছে, যে অভিনেত্রী গৰাকীও ইংলেণ্ডত ক্ৰিকেটৰ খেল উপভোগ কৰিব গৈছে।
চলিত বৰ্ষৰ এপ্ৰিল মাহত বলীউডৰ অভিনেত্ৰী গৰাকীয়ে ক্রিকেট খেলুৱৈ কে এল ৰাহুলৰ জন্মদিনৰ দিনটোত এক বিশেষ হৃদয়স্পৰ্শী বাৰ্তা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। লগতে আথিয়াই ৰাহুলৰ সৈতে ইনষ্টাগ্ৰামত দুয়োৰে একলগে থকা ফটো পোষ্ট কৰি "আপোনাৰ বাবে কৃতজ্ঞ, শুভ জন্মদিন" বুলি শিৰোনাম দিয়া পৰিলক্ষিত হৈছিল।