Choose Language

  • All  
  • English
  • অসমীয়া

ইউনাইটেড আৰৱলৈ স্থানান্তৰিত হ'ল আইচিচি টি-টুৱেন্টি বিশ্বকাপ 


Published on June 28, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

ভাৰতৰ ভাগ্য সলাবলৈ ইংলেণ্ডত উপস্থিত হ'ল সুনীল চেট্টীৰ জীয়ৰী তথা জনপ্রিয় অভিনেত্রী আথিয়া চেট্টী 


Published on June 28, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ২৮ জুন: বলীউডৰ অভিনেত্ৰী তথা সুনীল চেট্টীৰ সুকন্যা আথিয়া চেট্টীয়ে ভাৰতীয় ক্রিকেট দলৰ ভাগ্য অনুসৰণ কৰাৰ উদ্দেশ্যেৰে ইংলেণ্ডত উপস্থিত হোৱাৰ খবৰ পোৱা গৈছে। ইতিমধ্যে ভাৰতৰ তাৰকা খেলুৱৈ কে এল ৰাহুল আৰু অভিনেত্রী আথিয়া চেট্টীৰ সম্পর্ক চৰ্চাত থকাৰ মাজতে অভিনেত্রী গৰাকীয়ে ভাৰতীয় দলৰ সৈতে ইংলেণ্ড ভ্ৰমণ কৰা বিষয়টোৱে সকলোকে আকৰ্ষিত কৰি তুলিছে। 

আথিয়াই ব্যক্তিগত ইনষ্টাগ্রাম একাউন্টত একাপ গৰম চাহৰ ফটোৰ সৈতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) জ্যেষ্ঠ প্ৰযোজক ৰাজল অৰোৰাক টেগ কৰি শিৰোনাম দিয়ে যে, ভাৰতীয় ক্রিকেট দলটোৰ বাবে "আপুনি আশীৰ্বাদ কৰক।" এই মন্তব্য শাৰীৰ পৰাই আথিয়াৰ অনুৰাগীসকলে অনুমান কৰিছে, যে অভিনেত্রী গৰাকীও ইংলেণ্ডত ক্ৰিকেটৰ খেল উপভোগ কৰিব গৈছে।

চলিত বৰ্ষৰ এপ্ৰিল মাহত বলীউডৰ অভিনেত্ৰী গৰাকীয়ে ক্রিকেট খেলুৱৈ কে এল ৰাহুলৰ জন্মদিনৰ দিনটোত এক বিশেষ হৃদয়স্পৰ্শী বাৰ্তা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। লগতে আথিয়াই ৰাহুলৰ সৈতে ইনষ্টাগ্ৰামত  দুয়োৰে একলগে থকা ফটো পোষ্ট কৰি "আপোনাৰ বাবে কৃতজ্ঞ, শুভ জন্মদিন" বুলি শিৰোনাম দিয়া পৰিলক্ষিত হৈছিল। 

আনহাতে, জনপ্রিয় অভিনেতা তথ আথিয়াৰ পিতৃ সুনীল চেট্টীয়ে ৰাহুল আৰু আথিয়াৰ সম্পর্ক সন্দৰ্ভত কয় যে, "সামাজিক মাধ্যমত দুয়োগৰাকী তাৰকাই নিৰন্তৰে প্ৰেমৰ সংকেত দেখুৱাই আহিছে। যদিও, দুয়োজনৰ প্ৰেমজনিত সম্পর্ক আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱা নাই।" আথিয়াক ২০১৯ চনত শেষবাৰৰ বাবে "মতিচুৰ চাকনাচোৰ" চিনেমাৰ পৰ্দাত দেখা গৈছিল, যি এক ব্যংগাত্মক কাহিনীৰে পৰিপূৰ্ণ আছিল আৰু, তাত নৱাজুদ্দিন চিদ্দিকীয়েও অভিনয় কৰিছিল।

Ad
Cartoon
View Older

 

March 2, 2023

most read news



    From Our Archive

    Create Account