গুৱাহাটী, ২৯ জুন: নগালেণ্ডত ক'ভিডৰ অস্থিৰতা কিছু সাম কটা পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে পৰিস্থিতি মূল্যায়ন কৰি আগন্তুক ১ জুলাই (বৃহস্পতিবাৰ) পৰা আনলক-১ প্ৰক্ৰিয়া কাৰ্য্যকৰী কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা উচ্চ প্ৰভাৱশালী সমিতিৰ (এইচপিচি) বৈঠকত সকলো বিষয়ববীয়াৰ মতামত অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
এইচপিচিৰ অধ্যক্ষ মমহ'নলুমো কিকনে টুইটাৰ যোগে সদৰি কৰে যে, "ৰাজ্যখনক পুনৰ স্বাভাৱিক পৰিস্থিতিৰ দিশে ঘুৰাই অনা স্বাৰ্থত এইচপিচিয়ে ১-১০ জুলাই পৰ্যন্ত ৰাজ্যখনৰ পৰিস্থিতি মূল্যায়ন কৰাৰ পৰিপ্ৰেক্ষিতত "আনলক-১" প্ৰক্ৰিয়া কাৰ্য্যকৰীকৰণৰ সিদ্ধান্ত গ্রহণ কৰে।"
তেওঁ লগতে কয় যে, "চৰকাৰী কাৰ্যালয়সমূহত ৫০ শতাংশ কৰ্মচাৰীৰ উপস্থিতিৰে কামসমূহ সম্পূৰ্ণ কৰিব।" সান্ধ্য আইনৰ সময়সীমা শিথিল কৰা হৈছে (সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৪ বজা)। বাকী সাধাৰণ সময়ছোৱাত, দোকানবোৰ যুগ্ম-অযুগ্ম নম্বৰ অনুসৰি খুলিব পাৰিব।" লক্ষণীয় কথা এইটো যে, "ৰাজ্যখনত লকডাউন জাৰি কৰাৰ পিছত নগালেণ্ডত ক'ভিড-১৯ ৰ ঘটনা যথেষ্ট হ্ৰাস হোৱাৰ পৰিলক্ষিত হৈছিল বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।
Comments