Classifieds
View All
গুৱাহাটী,২৯ জুন: ছিকিমত পিতৃ-মাতৃয়ে ইণ্টাৰনেটৰ ৰিচাৰ্জ কৰি নিদিয়াৰ বাবে ২৩ বছৰীয়া পুত্ৰই কৰিলে আত্মহত্যা । অনলাইন গেমত আসক্ত ২৩ বছৰীয়া যুৱকজনে গছত ওলমি আত্মহত্যা কৰিছিল। আজি ৰাতিপুৱা আৰক্ষীয়ে তেওঁৰ মৃতদেহটো উদ্ধাৰ কৰে।
মৃতযুৱকজনক পশ্চিম ছিকিমৰ তাছিদ বজাৰৰ বাসিন্দা সিদ্ধাৰ্থ বৰ্মন বুলি চিনাক্ত কৰা হৈছে। তেওঁক তাছিদৰ ওচৰৰ চৌহান ভীৰত গছত ওলমি থকা অৱস্থাত পোৱা গৈছিল।
আৰক্ষীৰ প্ৰতিবেদন অনুসৰি, অনলাইন গেমৰ প্ৰতি আসক্ত সিদ্ধাৰ্থে তেওঁৰ মাক-দেউতাকক ২৬ জুলাইত ইণ্টাৰনেটৰ ৰিচাৰ্জ কৰি দিবলৈ কৈছিল যাতে তেওঁ অনলাইন গেম খেলিব পাৰে কিন্তু তেওঁৰ পিতৃ-মাতৃয়ে সেয়া অস্বীকাৰ কৰে আৰু তেওঁক ফোনত গেম খেলাৰ সলনি কাম কৰিবলৈ পৰামৰ্শ দিয়ে।
ইয়াৰ পিছত সিদ্ধাৰ্থে ৰাতিযেই ঘৰ এৰিছিল, আৰু পিছত আজি চৌহান ভীৰত তেওঁৰ মৃতদেহ পোৱা গৈছিল।
Comments