গুৱাহাটী, ৩০ জুন: আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ২৩ বাৰ "গ্ৰেণ্ড শ্লেম ছিংগলছ চেম্পিয়নশ্বিপ" বিজয়ী হোৱা ছেৰেনা উইলিয়ামছে বেলাৰুছিয়ানৰ আলিয়াকচন্দ্ৰা চাচনোভিচৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা টেনিছ খেলখনৰ প্ৰথম ৰাউণ্ডতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়, আৰু তাৰ ফলত বিখ্যাত তাৰকা খেলুৱৈগৰাকীয়ে উইম্বলডনৰ পৰা অৱসৰ ল'বলৈ বাধ্য হয়।
উইলিয়ামছে তথাপিও সোঁ ভৰিৰ উৰুত আঘাত পোৱা স্বত্বেও প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰি কাপোৰ বান্ধি পুনৰ টেনিছ কোৰ্টত উপস্থিত হয়। প্ৰথম ছেটত ৩-১ পইন্টৰ সৈতে বিৰতি নোহোৱা পৰ্যন্ত আলিয়াকচন্দ্ৰাই নেতৃত্ব লাভ কৰি আছিল। পৰৱৰ্তী সময়ত ১৫-১৫ পইন্টত খেলি থকা সময়ত চেৰেনাই টেনিছ ক'ৰ্টৰ পিছফালে পিছলি পৰিছিল আৰু সপ্তম পৰ্যায়ৰ খেলখনৰ পৰা অব্যাহতি ল'বলৈ বাধ্য হৈছিল। চেৰেনাই কেতিয়াও টেনিছ ক'ৰ্টত পিছল খাই পৰা নাছিল অথবা আঘাত প্ৰাপ্ত হোৱা নাছিল। আনহাতে, উক্ত খেলখনত চেৰেনাই পঞ্চম পৰ্যায়ত চাৰ্ভ হেৰুওৱাৰ পিছত প্ৰাথমিক চিকিৎসাৰ বাবে অনুৰোধ কৰিছিল কিছু সময়ৰ বাবে মেডিকেল টাইম আউট লাভ কৰিছিল।
তাৰ পৰৱৰ্তী সময়ত পুনৰ খেল আৰম্ভ হোৱাৰ পিছত, আলিয়াকচন্দ্ৰাই ষষ্ঠ পৰ্যায়ত চাৰ্ভ (Serve) লাভ কৰি ৩-৩ৰ সমতাত আহিবলৈ সক্ষম হৈছিল। কিন্তু চেৰেনাই ভৰিৰ আঘাত বেছি হোৱাত খেলৰ পৰা অব্যাহতি লোৱাৰ সিদ্ধান্ত লয় আৰু লগে লগে খেলখনৰ সমাপ্তি ঘটে। ইয়াৰ পূৰ্বে ১৯৯৮ চনত অনুষ্ঠিত হোৱা উইম্বলডনৰ তৃতীয় ৰাউণ্ডত স্পেইনৰ ভাৰ্জিনিয়া ৰুয়ানো পাস্কুৱালৰ বিৰুদ্ধে গ্ৰেণ্ড শ্লেম খেলত প্ৰথমবাৰৰ বাবে আঘাতপ্ৰাপ্ত হৈ খেলৰ পৰা অৱসৰ ল'বলগীয়া হৈছিল, বৰ্তমান তাৰকা খেলুৱৈ গৰাকীৰ এইটো দ্বিতীয়টো অৱসৰ।
উক্ত ঘটনা সন্দৰ্ভত উইম্বলডন কৰ্তৃপক্ষই টুইটাৰযোগে চেৰেনাৰ প্ৰতি সঁহাৰি জনাই কয় যে, "আপুনি আঘাতপ্ৰাপ্ত হোৱাত আমি সঁচাকৈ মৰ্মাহত হৈছো।" লগতে উইম্বলডনৰ সপ্তমবাৰৰ একক বিজয়ী চেৰেনা আঘাতপ্ৰাপ্ত হৈ ২০২১ বৰ্ষৰ চেম্পিয়নশ্বিপৰ পৰা অৱসৰ ল'বলৈ বাধ্য হোৱাত অনুৰাগী সকলেও দুখ প্ৰকাশ কৰে।আলিয়াকচন্দ্ৰাই বৰ্তমান জাপানৰ নাও হিবিনো বা আমেৰিকাৰ বাৰ্নাৰ্ডা পেৰাৰ সৈতে মুখামুখি হ'ব।
Comments