Cartoon
View Older
গুৱাহাটী,৩০ জুন:কংগ্ৰেছ মহাজোঁটৰ পৰা বিপিএফে শীঘ্ৰে আনুষ্ঠানিক ভাবে ওলাই আহিব বুলি ইতিমধ্যে বিভিন্ন মাধ্যমত প্ৰকাশ পাইছে । বিপিএফৰ জ্যেষ্ঠ নেতাই নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত কংগ্ৰেছৰ লগত মিত্ৰতা অব্যাহত ৰাখিব বিচৰা নাই । কংগ্ৰেছৰ পদত্যাগী সভাপতি ৰিপুন বৰাক আজি হাগ্ৰামা মহিলাৰীৰ বৰ্তমানৰ স্থিতিৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বিজেপিয়ে হাগ্ৰামাক বিভিন্ন ভয়-ভাবুকি প্ৰদান কৰিছে ।
বৰাই কয়,"হাগ্ৰামা মহিলাৰী এতিয়া পলাই ফুৰিব লগীয়া হৈছে । কোকৰাঝাৰলৈ নিয়া গৈছে,বিজেপিয়ে বিভিন্ন পন্থাৰে বেলেগ বেলেগ দলৰ মানুহ আনি দল ভৰাই আছে । মই হাগ্ৰামাৰ লগত যোগাযোগ স্থাপন কৰিব পৰা নাই । তেওঁ বিজেপিৰ ভয়তে পলাই ফুৰিব লগীয়া হৈছে ।"
Comments