গুৱাহাটী, ১ জুলাই: লক্ষ্ণৌৰ চেণ্ট্ৰেল ইনষ্টিটিউট ফৰ চাব ট্ৰপিকেল হৰ্টিকালচাৰ(চিআইএছ)ৰ দ্বাৰা উন্নীত ভাৰতীয় ব্লেকবেৰী (জামু) লণ্ডনলৈ ৰপ্তানি কৰা হৈছে। এইটো ভাৰতৰ বাবে এটা বৃহৎ সফলতা হিচাপে পৰিগণিত হৈছে। কিয়নো ব্লেকবেৰী হৈছে, এক বিশেষ প্ৰকাৰৰ ফল, যত ৯০ শতাংশ তকৈও উপাদান সমৃদ্ধ হৈ থাকে। কানপুৰৰ বিথুৰত কৃষকসকলৰ দ্বাৰা উৎপাদিত হোৱা ক'লা জামু লণ্ডনলৈ ৰপ্তানি হোৱাত সকলো উৎফুল্লিত হৈ পৰিছে।
এইটো সম্ভৱতঃ ক'লা জামুত উপলব্ধ ঔষধি গুণৰ কথা জনাত ই ইউৰোপীয় বজাৰত বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। উক্ত জামুৰ প্ৰথম ভাগ জুনৰ প্ৰথম সপ্তাহত কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্তানি বিকাশ কৰ্তৃপক্ষই (এপিইডিএ) লণ্ডনলৈ প্ৰেৰণ কৰিছিল। কৃষি আৰু সংশোধিত খাদ্য ৰপ্তানি বিকাশ কৰ্তৃপক্ষৰ অতিৰিক্ত প্ৰৱন্ধক ড° চি.বি. সিঙৰ মতে, উত্তৰ প্ৰদেশৰ যমুনাৰ ওচৰত আম ফলৰ দৰে ক'লা জামুৰো যথেষ্ট পৰিমাণত ৰপ্তানি হোৱাৰ সম্ভাৱনা আছে।
লগতে উক্ত বিষয় সন্দৰ্ভত চি.আই.এছ. বিষয়াসকলে কয় যে, "ক'লা জামুত উপলব্ধ থকা উপাদানে মধুমেহ নিয়ন্ত্রণ কৰাত যথেষ্ট পৰিমাণে সহায় কৰে। ইয়াত উচ্চ পৰিমাণৰ ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টৰ উপাদান থাকে। লগতে মানৱ শৰীৰৰ বাবে উপকাৰী জৈৱসক্ৰিয় উপাদানো সমৃদ্ধ হৈ থাকে। জৈৱসক্ৰিয় উপাদানবোৰে হৃদযন্ত্ৰক সক্ৰিয় কৰি ৰখাৰ লগতে, হজম শক্তি বৃদ্ধি কৰে আৰু শৰীৰ উন্নত কৰি ৰখাত সহায় কৰে।
গ্ৰীষ্মকালীন ঋতুৰ আৰম্ভণিতে কৰা জামুৰ খেতিয়ে হৈছে বজাৰৰ আটাইতকৈ ব্যয়বহুল থলুৱা ফলৰ খেতি, যি প্ৰতি কিলোগ্ৰামত ৩০০ টকা দৰত বিক্ৰী হয়।
Comments