গুৱাহাটী, ১ জুলাই: বলিউডৰ মহাতাৰকা অমিতাভ বচ্চনে শেহতীয়াকৈ সামাজিক মাধ্যমযোগে হাৰ্লি ডেভিডছন মটৰচাইকেল চলাই থকা অৱস্থাত একপি ফটো শ্বেয়াৰ কৰিছে। ইনষ্টাগ্ৰামত আপল’ড কৰা ফটোকপিয়ে বলিউডৰ জগতখনত খলকনিৰ সৃষ্টি কৰিছে। কিয়নো মহাতাৰকা অমিতাভে বাইকখন চলাই থকা মূহুর্তত গাঢ় নীলা ৰঙৰ চানগ্লাছ পিন্ধি থকাৰ লগতে ক'লা লেডাৰৰ জেকেট পিন্ধি ফটোকপি আপল’ড কৰিছিল।
ঘটনা অনুসৰি অভিনেতা গৰাকীয়ে আপল’ড কৰা ফটোকপি ২০১১ চনৰ 'বুদ্ধা হ'গী তেৰা বাপ' শীর্ষক চিনেমাখনৰ প’ষ্টাৰ আছিল, আৰু যিয়ে এতিয়া নাতিনী নব্যাৰ দৃষ্টি আকর্ষণ কৰিছে। ছবিখনৰ প’ষ্টাৰ খনৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি অমিতাভৰ নাতিনী নব্যা নভেলী নন্দাই কয় যে, "ফটোকপি মোৰ আটাইতকৈ প্ৰিয়", ককাই ইনষ্টাগ্ৰামত খলকনিৰ সৃষ্টি কৰিছে।"
ইপিনে, নাতিনী নব্যাৰ লগতে নীনা গুপ্তা, কিয়াৰা আদৱানী, শ্বেতা বচ্চন, কাৰ্তিক আৰ্য়্যান, লাৰা দত্ত, দিব্যা দত্ত, ৰিদ্ধিমা কাপুৰ চাহনীকে ধৰি বলিউডৰ কেইবাগৰাকীও অভিনেতা-অভিনেত্রীয়ে মেগাষ্টাৰ গৰাকীৰ ফটোত অসংখ্য লাইক আৰু কমেন্ট দিয়া পৰিলক্ষিত হৈছে। অভিনেতা অমিতাভে প্ৰায়ে তেওঁৰ পুৰণি চিনেমাৰ বিশেষ স্থিৰ ফটোসমূহ ইনষ্টাগ্ৰাম একাউণ্টত মাজে মাজে শ্বেয়াৰ কৰি থাকে।
শেহতীয়াকৈ, তেওঁ ১৯৮০ ৰ দশকৰ চিনেমা "নাচিব"ৰ কৰ্মস্থলীৰ এটা দৃশ্য শ্বেয়াৰ কৰিছিল আৰু ইয়াৰ দৃশ্যগ্ৰহণ কেনেদৰে কৰা হৈছিল সেই কথা মনত পেলাই বহু কথা লিখিছিল। মহাৰাষ্ট্ৰ চৰকাৰে চিনেমা আৰু টিভি উদ্যোগক ক'ভিড-১৯ প্ৰটোকলৰ সৈতে তেওঁলোকৰ প্ৰযোজনা কাৰ্যকলাপ পুনৰ আৰম্ভ কৰিবলৈ অনুমতি দিয়াৰ এসপ্তাহ পিছত অমিতাভ বচ্চনে অলপতে তেওঁৰ আহিবলগীয়া ছবি "গুডবাই"ৰ দৃশ্যগ্ৰহণসমূহ আৰম্ভ কৰিছে।
চলিত বৰ্ষৰ এপ্ৰিল মাহত ক'ভিডৰ প্ৰকোপ বৃদ্ধি হোৱাত বালাজী টেলিফিল্মছৰ দ্বাৰা নিৰ্মীয়মান অৱস্থাত থকা ‘গুডবাই’ চিনেমাখনৰ দৃশ্যগ্ৰহণ বন্ধ হৈ পৰিছিল। অভিনেতা গৰাকীয়ে লগতে উল্লেখ কৰিছিল যে, "তেওঁ দীপিকা পাডুকন অভিনীত দ্য ইণ্টাৰ্ন চিনেমাত অংশীদাৰ হ'ব। চিনেমাখনত অমিতাভ বচ্চনে প্ৰয়াত অভিনেতা ঋষি কাপুৰৰ স্থান লোৱা দেখা যাব। চলচ্চিত্ৰখন ২০১৫ চনত একে নামৰ হলীউডৰ চিনেমাখনৰ ওপৰত আধাৰিত কৰি নিৰ্মাণ কৰা হ'ব। য'ত ৰবাৰ্ট ডি নিৰ’ আৰু এন হেথৱে’ই অভিনয় কৰিছিল।
Comments