গুৱাহাটী, ৩০ জুন: বাৰিষাৰ বতৰ অহাৰ লগে লগে বিভিন্ন ধৰণৰ ভাইৰেল বীজাণুৱে শৰীৰত আক্ৰমণ চলায় এগৰাকী লোকক অসুস্থ কৰি তোলে। বতৰ সলনি হোৱাৰ লগে লগে হ'লে চৰ্দি, কাহ আৰু জ্বৰ হোৱা সচৰাচৰ পৰিলক্ষিত হয়, কিন্তু যদি জ্বৰ বেছি হৈ লোকজনৰ স্বাস্থ্যৰ বেছি অৱনতি ঘটায়, তেন্তে ই নিউমোনিয়াৰ লক্ষণ হ'ব পাৰে। নিউমোনিয়া হৈছে হাঁওফাঁওত বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হোৱা জ্বৰ যি দীৰ্ঘসময় ধৰি শৰীৰত স্থায়ীভাৱে প্ৰভাৱ পেলাই আৰু শৰীৰটো গুৰুতৰভাৱে অসুস্থ কৰি পেলায়। যদিও এই সময়ত চিকিৎসকৰ ঔষধ ব্যৱহাৰ কৰা হয়, কিন্তু কিছুমান ঘৰুৱা প্ৰতিকাৰেও এগৰাকী ব্যক্তিক হাঁওফাঁওৰ সংক্ৰমণ হ্ৰাস কৰাৰ লগতে শৰীৰৰ দুৰ্বলতা বহু পৰিমাণে আঁতৰ কৰাত সহায় কৰিব পাৰে।
ইয়াৰ বাবে পাকঘৰতে উপলব্ধ থকা কিছুমান অতি উপকাৰী উপাদান সেৱনৰ ফলত নিউমোনিয়াৰ হাঁওফাঁওৰ সংক্ৰমণ আঁতৰ কৰাৰ লগতে শৰীৰলৈ শক্তি ঘূৰাই অনাত সহায় কৰিব। শৰীৰ স্বাস্থ্যৱান হৈ পৰিব আৰু ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বহুগুণে বৃদ্ধি পাব। যি নিউমোনিয়া আৰু অন্যান্য বেক্টেৰিয়াৰ বীজাণুক শৰীৰত আক্ৰমণ কৰাত বাধা দিব।
নিউমোনিয়াৰ বাবে ঘৰুৱা প্ৰতিকাৰসমূহ:
১. নহৰু ব্যৱহাৰ কৰক
নিউমোনিয়া হোৱা ৰোগীক নহৰু খাব দিব পাৰে। নহৰুৰ এণ্টিবেক্টেৰিয়েল আৰু এণ্টি ফাংগাল পদাৰ্থই হাঁওফাঁওক পৰিষ্কাৰ কৰি ৰখাৰ লগতে বেক্টেৰিয়াক আক্ৰমণত বাধা প্ৰদান কৰিবলৈ সক্ষম হয়। ই কাহৰ সমস্যাও আঁতৰ কৰে। একাপ গাখীৰত চাৰি কাপ পানী যোগ তাত চাৰিকোঁহ নহৰু দি ভালদৰে উতলাওক। তাৰ পিছত ঠাণ্ডা কৰি নিউমোনিয়া ৰোগীক দিনত দুবাৰকৈ সেৱন কৰিব দিলে অতি কম দিনতে ৰোগীজন সুস্থ হৈ উঠিব।
২. চাহৰ সৈতে আদাৰ ৰস মিহলাই সেৱন কৰক
আদা হৈছে বেক্টেৰিয়া প্ৰতিৰোধী উপাদানেৰে সমৃদ্ধ। ইয়াৰ নিয়মীয়া ব্যৱহাৰে হাঁওফাঁওত বেক্টেৰিয়াৰ সংক্ৰমণ আঁতৰ কৰে আৰু কাহৰ সমস্যা আঁতৰ কৰে। নিউমোনিয়াত ভুগি থকা ৰোগী এজনে গৰম পানীত আদাৰ টুকুৰা উতলাই আৰু দৈনিক সেৱন কৰিলে সোনকালে উপশম পাব পাৰি। এই সময়ত চাহত আদাৰ ৰস দি সেৱন কৰিলেও লাভান্বিত হ'ব পাৰি। নিউমোনিয়াৰ ৰোগীক জ্বৰ উঠি থকা সময়ত আদা চাহ সেৱন কৰিব দিয়াৰ ফলত জ্বৰৰ পৰা সোনকালে আৰোগ্য হ'ব পাৰি।
৩. গাখীৰত হালধি মিহলাই খাওক
গাখীৰত হালধি মিহলি কৰি খোৱাটো স্বাস্থ্যৰ বাবে সদায়ে উপকাৰী। আৰু যদিহে নিউমোনিয়াৰ দ্বাৰা আক্রান্ত হোৱা ৰোগী এজনক প্ৰতি নিশা হালধি মিহলি কৰা গাখীৰ খাবলৈ দিয়া হয়, তেন্তে ৰোগীজনৰ হাঁওফাঁওত জমা হৈ থকা বীজাণুবোৰ নাশ কৰাৰ লগতে শৰীৰৰ পৰা ওলাই অহাত সহায় কৰে। হালধিৰ এই ৰোগ প্ৰতিৰোধী আৰু বেক্টেৰিয়া প্ৰতিৰোধী গুণাগুণে গৰম গাখীৰৰ সৈতে মিহলি হৈ বেক্টেৰিয়াৰ সংক্ৰমণক বহু পৰিমাণে হ্ৰাস কৰিবলৈ সক্ষম হয়। লগতে শৰীৰৰ বিষসমূহৰ পৰাও সকাহ দিয়ে। সোনকালে সুস্থ হৈ উঠিবলৈ ৰোগীক দিনত এবাৰ কৈ হালধি দিয়া চাহ খাবলৈ দিব পাৰে।
৪. মৌ
গৰম পানীত মৌ মিহলি কৰা আৰু নিউমোনিয়াৰ ৰোগীক খুৱাই দিলেও ৰোগীয়ে কাহৰ পৰা বহু পৰিমাণে সকাহ পায়। ইয়াৰ এণ্টি-বেক্টেৰিয়েল আৰু এণ্টি-ভেঁকুৰৰ উপাদানবোৰে সংক্ৰমণ হ্ৰাস কৰাৰ লগত কাঁহ আৰু জ্বৰ নিৰাময় কৰাত সহায় কৰে আৰু শৰীৰ বহু পৰিমাণে উন্নত কৰি তোলে।
৫. সৰিয়হৰ তেলৰ মালিচ
কুহুমীয়াকৈ সৰিয়হৰ তেল গৰম কৰি ৰোগীৰ বুকুত পাতলকৈ মালিচ কৰিলেও হাঁওফাঁওত জমা হৈ থকা কফবোৰ আঁতৰ কৰাত সহায় কৰে আৰু শৰীৰটোক সক্ৰিয় কৰি তোলে।
Comments
মূল্যবৃদ্ধিৰ সময়ত এইবাৰ অমুলৰ মাধমাৰ, ১ জুলাইৰ পৰা প্ৰতি লিটাৰত ২ টকা বৃদ্ধি
Published on June 30, 2021|News Source : অৰূপ ডেকা
এই বৰ্ধিত মূল্য সুদীর্ঘ ১৭ মাহৰ ব্যৱধানৰ অন্তত উৎপাদন ব্যয় বৃদ্ধিৰ বাবে অমুল (আনন্দ মিল্ক ইউনিয়ন লিমিটেড) গাখীৰৰ প্ৰতি লিটাৰত ২ টকাকৈ বৃদ্ধি কৰা হৈছে বুলি সন্থাৰ এগৰাকী জ্যেষ্ঠ্ বিষয়াই জানিবলৈ দিয়ে। "গুজৰাট কো-অপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেশ্যন লিমিটেড"ৰ পৰিচালন সঞ্চালক আৰ এছ সোধিয়ে উক্ত বিষয় সন্দৰ্ভত কয় যে, ১ জুলাই অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা সমগ্ৰ দেশতে অমুল গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২ টকা বৃদ্ধি পাব।
ইয়াৰ উপৰিও, পেকেজিঙৰ ব্যয়ও ৩০ ৰ পৰা ৪০ শতাংশ বৃদ্ধি কৰিবলগীয়া হৈছে। ডিজেল ইন্ধনৰ ব্যয়বহুলতাৰ লগতে পৰিবহনৰ ব্যয় ৩০ শতাংশ বৃদ্ধি পাইছে আৰু বিদ্যুতৰ ব্যয় প্ৰায় ৩০ শতাংশ বৃদ্ধি পাইছে। এই সকলোবোৰ দিশ সাঙুৰি অমুল ব্ৰেণ্ডৰ গাখীৰৰ মূল্যবৃদ্ধি কৰিব লগীয় হৈছে।"
Published on January 1, 1970|News Source :