গুৱাহাটী, ৩০ জুন: কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিকে সকলো ধৰণৰ পুনৰ নৱীকৰণ কৰা বা নতুনকৈ প্ৰস্তুত কৰা সামগ্ৰী কঢ়িওৱা প্লাষ্টিক বেগৰ ব্যৱহাৰ আৰু কিনা-বেচা কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে৷ জনস্বাস্থ্য আৰু জনসাধাৰণ তথা জীৱ-জন্তুৰ বিস্তৰ ক্ষতি সাধনেৰে পৰিৱেশ তন্ত্ৰলৈ ভাবুকি কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিতত এই আদেশ জিলাখনত তৎকালীনভাৱে বলবৎ কৰা হৈছে৷
এই নিষেধাজ্ঞা আগন্তুক ষাঠি দিন বা পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰালৈকে বলবৎ হৈ থাকিব৷ এই আদেশ অমান্য কৰিলে আইপিচিৰ ১৮৮ ধাৰাৰ অধীনত দণ্ডণীয় হ’ব৷
অৱশ্যে, তলত উল্লেখ কৰা প্লাষ্টিকৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা বলবৎ নহ’ব৷
ক] বিশেষ অৰ্থনৈতিক মণ্ডল আৰু ৰপ্তানি ভিত্তিক গোটত থকা প্লাষ্টিক উদ্যোগত কেবল ৰপ্তানি জনিত কাৰণত প্ৰস্তুত কৰা প্লাষ্টিক বেগৰ ক্ষেত্ৰত।
খ] প্ৰস্তুত কৰণ বা প্ৰক্ৰিয়াকৰণ গোটত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ পেকেজিং কৰাৰ ক্ষেত্ৰত অত্যাৱশ্যকীয় ৰূপে চিহ্নিত হোৱা প্লাষ্টিক বেগ বা বহুখলপীয়া ফিল্ম বা চিট সামগ্ৰী কঢ়িওৱা বেগৰ ক্ষেত্ৰত৷
গ] বন পালন আৰু উদ্যান শস্যৰ নাছাৰ্ৰীত কোনো চৰকাৰী বিভাগ বা ফাৰ্মে দিয়া অৰ্ডাৰৰ বাবে ব্যৱহাৰ কৰিবলগীয়া প্লাষ্টিক বেগ বা চিটৰ ক্ষেত্ৰত আৰু
ঘ] ঔষধ পেকেজিঙৰ বাবে ব্যৱহাৰ কৰা প্লাষ্টিক বেগ বা প্লাষ্টিকৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা বলবৎ নহ’ব৷
Comments