Classifieds
View All
গুৱাহাটী, ১ জুলাই: ছিকিমত কালি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই শোকাৱহ দুৰ্ঘটনাত ৪ জন সেনা জোৱান নিহত হোৱাৰ লগতে ২ জন জোৱান গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয় আৰু তেওঁলোক দুজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয়।
ৰাজ্যখনৰ নাথুলা-গেংটক পথৰে যাত্ৰা কৰি থকা অৱস্থাত নিয়ন্ত্রণ হেৰুৱাই সেনাৰ বাহনখন দ খাৱৈত পৰি যায়।
তাৰ ফলত বহু উচ্চতাৰ পৰা বাহনখনৰ ভিতৰত থকা ৪ জন সেনা জোৱান থিতাতে নিহত হৈছিল আৰু আন দুজন গুৰুতৰভাৱে আহত হৈছিল বুলি সেনা বিষয়াসকলে জানিবলৈ দিয়ে।
Comments