গুৱাহাটী,১ জুলাই: নিউ জাৰ্চীৰ ১২ বছৰীয়া কিশোৰ অভিমন্যু মিশ্ৰই ইতিহাস ৰচি বিশ্বৰ ভিতৰতে আটাইতকৈ কম বয়সীয়া ডবা খেলৰ গ্ৰেণ্ডমাষ্টাৰ হিচাপে পৰিগণিত হৈ পৰিছে। অভিমন্যুৱে বুদাপেষ্টত অনুষ্ঠিত হোৱা ডবা খেলখনত তৃতীয়বাৰৰ বাবে "গ্ৰেণ্ডমাষ্টাৰ খিতাপ" অৰ্জন কৰে, লগতে প্ৰয়োজনীয় ২৫০০ এলো ৰেটিঙৰ (Elo Rating) বাধাও অতিক্ৰম কৰিবলৈ সক্ষম হয়।
বুধবাৰে অনুষ্ঠিত হোৱা খেলখনত অভিমন্যুৱেই হৈছে ডবা খেলুৱৈসকলৰ ভিতৰত বৃহৎ সাফল্য অর্জন কৰা খেলুৱৈ। যিয়ে ডবা খেলৰ আটাইতকৈ ডাঙৰ খেলখন জিকি ইতিহাস ৰচিবলৈ সক্ষম হৈছে। চেছ ডট কম (Chess.com)ৰ এক চৰকাৰী বিজ্ঞপ্তি অনুসৰি অভিমন্যুৱে ১৫ বছৰীয়া ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ লিয়ন লিউক মেণ্ডোংকাক পৰাজিত কৰে আৰু ৯ টা ৰাউণ্ডত সৰ্বমুঠ ২৬০০ তকৈ অধিক পাৰদৰ্শিতা পইন্ট লাভ কৰিবলৈ সক্ষম হয়।
অভিমন্যুৱে গ্ৰেণ্ডমাষ্টাৰ চাৰ্গেই কাৰ্জাকিনৰ ১৯ বছৰীয়া অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়। যি ১২ বছৰ ৭ মাহ বয়সত ২০০২ চনৰ ১২ আগষ্টত বিশ্ব চেম্পিয়নশ্বিপৰ গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জন কৰিছিল। ২০০৯ চনৰ ৫ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা অভিমন্যু মিশ্ৰাই ১২ বছৰ ৪ মাহ ২৫ দিন বয়সত ডবাখেলত সৰ্বোচ্চ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। অভিমন্যুৱে হাংগেৰীৰ বুদাপেষ্টত কেইবামাহ ধৰি এখনৰ পিছত আনখন ডবা টুৰ্ণামেণ্ট খেলি খিতাপ অৰ্জন কৰাৰ লগতে অভিলেখ গঢ়ি আহিবলৈ সক্ষম হৈছিল।
কনিষ্ঠ খেলুৱৈগৰাকীয়ে তাত তেওঁৰ প্ৰথম আৰু দ্বিতীয় গ্ৰেণ্ডমাষ্টাৰৰ দুয়োটা খিতাপ সফলতাৰে অৰ্জন কৰিবলৈ সক্ষম হৈছিল। আনহাতে, এপ্ৰিল মাহত অনুষ্ঠিত হৈ যোৱা ভেজাৰকেপজো টুৰ্ণামেণ্ট আৰু মে' মাহৰ প্ৰথম শনিবাৰে অনুষ্ঠিত হোৱা গ্ৰেণ্ডমাষ্টাৰ টুৰ্ণামেণ্টত, ১০ জন খেলুৱৈৰ সৈতে হোৱা ৰাউণ্ডসমূহত বিশেষভাৱে স্ক'ৰিং কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে, চলিত মাহত তেওঁৰ অন্তিমটো প্ৰচেষ্টাত, অভিমন্যুৱে বিশেষ সফলতা অৰ্জন কৰে। যিহেতু কেইবাজনো ডবা খেলুৱৈ দীৰ্ঘসময় ধৰি বুদাপেষ্টত থাকিবলগীয়া হৈছিল, সেয়েহে আয়োজকসকলে খেলখনক অন্তিমটো অনুষ্ঠান হিচাপে বিবেচিত কৰি খেল অনুষ্ঠিত কৰিছিল।
Comments