গুৱাহাটী, ১ জুলাই: ক'ৰনা ভাইৰাছৰ ডেল্টা প্ৰকাৰৰ দ্বাৰা দেশত শেহতীয়াকৈ বহুতো লোক সংক্ৰমিত হোৱা খবৰ পোৱা গৈছে। বহুতো দেশত এই প্ৰকাৰবিধ নতুনকৈ প্ৰভাৱশালী হৈ পৰাও পৰিলক্ষিত হৈছে, লগতে ক'ভিডৰ দ্বিতীয় ঢৌৰ বাবে ডেল্টা প্ৰকাৰবিধকে সকলোৱে মুখ্য কাৰণ হিচাপে বিবেচিত কৰিছে। ক'ভিডৰ এই প্ৰকাৰবিধে দক্ষিণ আফ্ৰিকাৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰত সংক্রমণৰ সংখ্যা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনেও দেশখনক লকডাউন প্ৰক্ৰিয়াৰ পৰা মুক্ত কৰাৰ পৰিকল্পনাত বিভ্ৰান্তিৰ সৃষ্টি হৈছে।
ডেল্টা প্ৰকাৰ, যাক এতিয়া ৰূপান্তৰিত হোৱাৰ বাবে ডেল্টা প্লাছ বোলা হৈছে, তাৰ সংক্ৰমণৰ হাৰ ৬০ শতাংশ বেছি বুলি প্ৰমাণিত হৈছে। বিগত মাহত স্কটলেণ্ডৰ গৱেষকসকলে কৰা এক বিতং অধ্যয়নত দেখুৱাইছে যে ডেল্টা প্ৰকাৰৰ সংক্ৰমণৰ বাবে ব্ৰিটেইনৰ পূৰ্বৰ প্ৰভাৱশালী প্ৰকাৰৰ তুলনাত চিকিৎসালয়ত দুগুণ হাৰত আক্রান্ত ৰোগী ভৰ্তি হোৱা দেখা গৈছে। উক্ত অধ্যয়নটো আগশাৰীৰ চিকিৎসা আলোচনী "দ্য লেঞ্চেট"ত প্ৰকাশিত হৈছিল। ইয়াত লগতে কোৱা হৈছিল যে, "ৰোগ-প্ৰতিৰোধ ক্ষমতা কম থকা লোক আৰু বৃদ্ধ বয়সৰ লোকসকলৰ দেহত ডেল্টা প্ৰকাৰৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ আশংকা বেছি।"
স্কটলেণ্ডৰ গৱেষকসকলে কৰা অধ্যয়নটোত দেশখনৰ ৫.৪ নিযুত লোকৰ মাজত সামূহিকভাৱে চিনাক্ত হোৱা ১৯,৫৪৩ জন লোক আৰু চিকিৎসালয়ত ভৰ্তি হোৱা ৩৭৭ জন লোকৰ দেহত ডেল্টা প্লাচ প্ৰকাৰবিধৰ অৱস্থিতি পোৱা গৈছিল। তেওঁলোকে এইটোও কৈছিল যে ভেকছিনৰ দুটা পালিৰ ভিতৰত এটা পালিয়ে ডেল্টা প্ৰকাৰৰ বিৰুদ্ধে উন্নত মানৰ সুৰক্ষা প্ৰদান কৰে। ইপিনে, ইংলেণ্ডৰ ৰাজহুৱা স্বাস্থ্য বিভাগে সদৰি কৰে যে, "ফাইজাৰ আৰু এষ্ট্ৰজেনেকাই প্ৰস্তুত কৰা ক'ভিড-১৯ ভেকছিনে ক'ৰনা ভাইৰাছৰ ডেল্টা প্ৰকাৰত আক্রান্ত হৈ চিকিৎসালয়ত ভৰ্তি ৰোগীক ৯০ শতাংশতকৈ অধিক উন্নত মানৰ সুৰক্ষা প্ৰদান কৰি সুস্থ কৰি তুলিছে।
পুনেৰ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ-ৰাষ্ট্ৰীয় বীজাণুবিজ্ঞান (Virology) প্ৰতিষ্ঠানৰ (আইচিএমআৰ-এনআইভি) গৱেষকসকলে দাবী কৰিছে যে ভাৰত বায়'টেকৰ দ্বাৰা প্ৰস্তুত কৰা ক'ভাক্সিনে ক'ভিড-১৯ ৰ ডেল্টা প্লাচ প্ৰকাৰবিধৰ বিৰুদ্ধে উন্নত ফলাফল দেখুৱাবলৈ সক্ষম। অৱশ্যে, কিছুসংখ্যক অধ্যয়নত এইটোও প্ৰকাশ পাইছে যে, "ছিটাকৰণ কৰাৰ পিছতো ডেল্টা প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হ'ব পাৰে, কিন্তু এই সংক্ৰমণ গুৰুতৰ নহয়।
Comments