গুৱাহাটী, ১ জুলাই: জনপ্রিয় সংগীত ব্যৱসায়ীক প্ৰতিষ্ঠান টি-ছিৰিজৰ স্বত্বাধিকাৰ গুলচন কুমাৰৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ দোষী সাব্যস্ত হোৱা আব্দুল ৰউফ দাউদ মাৰ্চেণ্টক বোম্বে উচ্চ ন্যায়ালয়ে বিগত ২৪ বছৰ পূর্বে প্ৰদান কৰা আজীৱন কাৰাদণ্ডৰ ৰায়ত গুলচন কুমাৰৰ পৰিয়ালবৰ্গই উচিত ন্যায় নোপোৱাৰ পৰিপ্ৰেক্ষিতত হতাশ হৈ পৰে, লগতে ন্যায়ালয়ে টি আই পি এছ (TIPS) কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক ৰমেশ তৌৰানীক দোষমুক্ত কৰাৰ কথা নিশ্চিত কৰিছিল।
আনহাতে মাৰ্চেণ্ট ভাতৃৰ অধিবক্তা সতীশ মানেশিন্দে জানিবলৈ দিয়ে যে, ন্যায়লয়ে শেহতীয়াকৈ মাৰ্চেণ্টৰ ভাতৃ আব্দুল ৰছিদ দাউদ মাৰ্চেণ্টক দোষী সাব্যস্ত কৰি আজীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে। ন্যায়াধীশ সাধনা যাদৱ আৰু ন্যায়াধীশ এন আৰ বৰকাৰে গঠিত খণ্ডপীঠে মাৰ্চেণ্ট ভাতৃদ্বয়ক হত্যা, ষড়যন্ত্ৰ আৰু অন্যান্য অপৰাধৰ বাবে সশস্ত্ৰ আইনৰ আধাৰত দোষী সাব্যস্ত কৰে।
দোষী সাব্যস্ত হোৱা আব্দুল ৰউফৰ পূর্বতে কেইবাটাও অপৰাধমূলক কাৰ্যকলাপৰ সৈতে জড়িত থকা বুলি প্ৰমাণিত হৈছে, সেয়েহে ৰউফক ৰাজহুৱা স্বাৰ্থজনিত কাৰণত ন্যায় প্ৰদান কৰা উচিত নহয় বুলি ন্যায়ালয়ে মন্তব্য প্ৰকাশ কৰে। ন্যায়ালয়ে লগতে উল্লেখ কৰে যে, "১৯৯৭ চনৰ উক্ত ঘটনাৰ পিছতে, আব্দুল ৰউফ ২০০১ চনত গ্ৰেপ্তাৰ হোৱা পৰ্যন্ত পলাতক অৱস্থাত আছিল, আৰু পিছত ২০০৯ চনত অনুপস্থিতিৰ অনুদান ছুটিত মুক্তি লাভ কৰিছিল আৰু ২০১৬ চনত ৰউফক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল।
ঘটনা অনুসৰি ১৯৯৭ চনৰ ১২ আগষ্টত দিল্লীস্থিত সংগীত ব্যৱসায়ী গুলচন কুমাৰক মুম্বাইৰ উপনগৰৰ জুহুৰ এটা মন্দিৰৰ বাহিৰত ১৬ টা গুলীৰে গুলীয়াই হত্যা কৰিছিল, যাৰ ফলত বলীউড জগতত তীব্র চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰা দেখা গৈছিল। আনহাতে অভিযুক্তৰ পক্ষই দাবী কৰিছিল যে এই হত্যাকাণ্ড কুমাৰ আৰু তৌৰাণীৰ মাজত ব্যৱসায়িক প্ৰতিদ্বন্দিতাৰ বাবে সংঘটিত হৈছিল, আৰু গুলচন কুমাৰ আৰু সংগীত পৰিচালক নাদিম চৈফিৰ মাজত বিভেদৰ সৃষ্টি হৈছিল।
লগতে অভিযুক্ত পক্ষই কৈছিল যে, হত্যাকাণ্ড সংঘটিত কৰিবলৈ পৰিচালক চৈফিয়ে দাউদ ইব্রাহিম কাস্কৰ দলৰ গেংষ্টাৰ (Gangster) আবু চালেম নামৰ ব্যক্তিজনক অন্তৰ্ভুক্ত কৰিছিল। কিন্তু হত্যাকাণ্ড সংঘটিত কৰাৰ পৰা বিৰত থাকি চালেমে ১৯৯৭ চনৰ জুন মাহত পলাই যায় আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে চালেমৰ কোনো ধৰণৰ সন্ধান পাবলৈ সক্ষম হোৱা নাই। আনহাতে গুলচন কুমাৰৰ সংগী শ্ৰৱণ ৰাথোড়ৰো চলিত বৰ্ষৰ এপ্ৰিল মাহত মৃত্যু হয়।
Comments