গুৱাহাটী,২ জুলাই: নিষিদ্ধ ঘোষিত ড্ৰাগছৰ বৃহৎ ঘাটিলৈ পৰিণত হৈছে গোৱালপাৰা জিলা। শেহতীয়াকৈ বৃহস্পতিবাৰে, জিলাখনৰ এটা ড্ৰাগছৰ ঘাটিত গোৱালপাৰা আৰক্ষীয়ে চলালে অভিযান । এই অভিযানত গোৱালপাৰাৰ ভালুকডুবি অঞ্চলৰ জাহাংগীৰ আলম নামৰ ব্যক্তি জনৰ গৃহৰ পৰা উদ্ধাৰ কৰে মাটিৰ ভিতৰত স্থাপন কৰা ড্ৰাগছ প্ৰস্তুত কৰা কাৰখানা ।
একদম বলিউডৰ চিনেমাৰ দৰে বুদ্ধি কৰি ড্ৰাগছৰ কাৰখানা নিৰ্মান কৰা এই গৃহৰ পৰা আৰক্ষীয়ে সফলতাৰে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ তথা ড্ৰাগছ সেৱন কৰা সামগ্ৰী । ঘৰৰ ভেটিত সুৰংগ সাজি জাহাংগীৰ আলমে চলাই আছিল ড্ৰাগছৰ ব্যৱসায় । এই অভিযানকালত আৰক্ষীয়ে নগদ ১ লাখ টকাৰ লগতে প্ৰায় দহ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ।জানিব পৰা মতে, ড্ৰাগছৰ ব্যৱসায়ৰ জৰিয়তে সম্পত্তিৰ পাহাৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে জাহাংগীৰ আলম । ইতিমধ্যে, আৰক্ষীয়ে জাহাংগীৰৰ লগতে তেওঁৰ পত্নী ছাবিনা ইয়াচমিন আৰু সহযোগী ছাদ্দাম হুছেইনক গ্ৰেপ্তাৰ কৰি গোৱালপাৰা সদৰ থানালৈ প্ৰেৰণ কৰিছে ৷
Comments