গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ১ জুলাই ঃ দোষমুক্ত হ’ল অখিল গগৈ৷ বিগত প্রায় ডেৰ বছৰ ধৰি কাৰাবন্দী হৈ থকা শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক গুৱাহাটীস্থিত ‘নিয়া’ৰ বিশেষ আদালতে আজি দোষমুক্ত বুলি ৰায় দিয়ে৷ আদালতৰ ৰায়ৰ পাছতে অখিল গগৈয়ে চিকিৎসাধীন অৱস্থাত থকা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ কেবিনৰ পৰা ওলাই চানমাৰিৰ বাসগৃহলৈ ৰাওনা হয়৷
কাইলৈ পুৱাৰ ভাগতে তেওঁ নিজ সমষ্টি শিৱসাগৰলৈ ৰাওনা হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে৷ উল্লেখযোগ্য যে কা-বিৰোধী আন্দোলনৰ সময়ত ২০১৯ চনৰ ডিচেম্বৰত আৰক্ষীয়ে অখিল গগৈক গ্রেপ্তাৰ কৰিছিল৷ গগৈৰ বিৰুদ্ধে ৰজু হৈছিল ১৩টাকৈ গোচৰ৷ ইয়াৰে দুটা গোচৰ ‘নিয়া’লৈ হস্তান্তৰ কৰিছিল৷ চাবুৱা আৰু চানমাৰি থানাৰ গোচৰ দুটা আৰক্ষীয়ে নিয়াক হস্তান্তৰ কৰিছিল৷ ইতিমধ্যে অসম আৰক্ষীৰ ওচৰত ৰজু হোৱা আন গোচৰকেইটাৰ লগতে নিয়ালৈ হস্তান্তৰ কৰা চাবুৱা থানাৰ গোচৰতো অখিল গগৈয়ে জামিন লাভ কৰিছিল৷
বাকী আছিল মাথোঁ চানমাৰি থানাৰ গোচৰটো৷ কিন্তু আদালতে আজি ১৩১৯ নম্বৰৰ চানমাৰি থানাৰ গোচৰত অখিল গগৈক দোষমুক্ত কৰে৷ কেৱল অখিল গগৈকেই নহয়, একেটা গোচৰত পূর্বে জামিন পোৱা ধৈর্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱালকো আজি আদালতে দোষমুক্ত ঘোষণা কৰে৷
আদালতৰ ৰায়দানৰ পাছতে অখিল গগৈৰ অধিবক্তাই সংবাদ মাধ্যমৰ আগত সদৰী কৰি কয় যে নিয়াই কোনো এজন অভিযুক্তৰ বিৰুদ্ধে চার্জফ্রেম কৰিব নোৱাৰিলে৷ যাৰ বাবে আদালতে দোষমুক্ত ঘোষণা কৰে৷ ইফালে, আদালতৰ ৰায়দানক সন্মান জনাই আজিৰ দিনটো ঐতিহাসিক দিন বুলি অখিল গগৈয়ে অভিহিত কৰে৷
তেওঁ কয় যে আজিৰ ৰায়দানে ন্যায় ব্যৱস্থাৰ প্রতি বিশ্বাস আৰু সন্মান বৃদ্ধি কৰিলে৷ অখিল গগৈৰ মুক্তিক আদৰণি জনাইছে অসম জাতীয় পৰিষদে৷ পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এটা বিবৃতিত কয় যে নিয়াই অখিল গগৈৰ বিৰুদ্ধে আদালতত প্রমাণ দাখিল কৰিব নোৱাৰা কার্যই প্রমাণ কৰে যে তেওঁক আক্রোশমূলকভাৱে গ্রেপ্তাৰ কৰিছিল৷ অখিল গগৈক আদালতে দোষমুক্ত কৰা কার্যক আদৰণি জনাই প্রব্রজন-বিৰোধী মঞ্চৰ আহ্বায়ক উপমনু্য হাজৰিকাই কয়– অখিল গগৈৰ বিৰুদ্ধে শাসকীয় পক্ষই জাপি দিয়া অভিযোগ নাকচ কৰাত গোচৰটোৰ ট্রায়েলৰে প্রয়োজন নহ’ল৷ গগৈৰ বিৰুদ্ধে শাসকীয় পক্ষৰ অভিযোগ যে মিছা আছিল সেয়া ৰায়দানে প্রমাণ কৰিলে বুলি হাজৰিকাই আঙুলিয়াই দিয়ে৷
Comments