গুৱাহাটী, ২ জুলাই: ভাৰত-নেপাল সীমান্তৰ পূব চম্পাৰণ জিলাত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে ৮ টাকৈ চীনা ড্ৰোন কেমেৰা উদ্ধাৰ কৰাৰ লগতে ঘটনাৰে জড়িত ৩ জন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে বুলি বিহাৰ আৰক্ষীয়ে জানিবলৈ দিয়ে।
অভিযুক্ত ৩ জন ব্যক্তিক ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে বিহাৰ আৰক্ষীৰ হাতত গতাই দিয়ে আৰু পৰৱৰ্তী সময়ত অভিযুক্ত কেইজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। তদুপৰি, বিহাৰ আৰক্ষীয়ে গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে।
পূব চম্পাৰণৰ আৰক্ষী অধীক্ষক নবীন চন্দ্ৰ ঝাই ঘটনা সন্দৰ্ভত কয় যে, "কুণ্ডৱা চেইনপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নেপাল সীমান্তত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে অঞ্চলটোত নিয়মীয়াকৈ নিৰীক্ষণ কৰি থকা মূহুর্তত ৩ জন সন্দেহজনক লোকৰ পৰা ৮ টাকৈ চীনা কেমেৰা ড্ৰোন উদ্ধাৰ কৰে। অভিযুক্ত ৩ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু আমি তেখেতসকলক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছো।"
বৰ্তমান আৰক্ষী বিভাগে সকলো দিশ অনুসন্ধান কৰি আছে।"
Comments