গুৱাহাটী, ২ জুলাই: বলিউড তথা হলিউডৰ জনপ্রিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই হপাৰ ইনষ্টাগ্ৰাম ধনী ব্যক্তিৰ তালিকাত চলিত বৰ্ষত ২৭ তম স্থানত উপনীত হৈছে।ইনষ্টাগ্ৰামত ৬৪ নিযুত ব্যক্তিৰ অনুসৰণৰে, প্ৰিয়ংকাই ইনষ্টাগ্ৰামত কৰা প্ৰতিটো বিজ্ঞাপনমূলক পোষ্টৰ বাবে ৪০৩,০০০ ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যৰ হিচাপত ৩ কোটি টকা লাভ কৰে বুলি জানিব পৰা গৈছে।
এই তালিকাখন প্ৰতি বছৰে মুকলি কৰা হয় আৰু ইনষ্টাগ্ৰামত তেওঁলোকৰ প্ৰতিটো বিজ্ঞাপনমূলক পোষ্টৰ বাবে তেওঁলোকে কিমান মাচুল লয় তাৰ ওপৰত আধাৰিত কৰি চেলিব্ৰেটী, ক্ৰীড়া ব্যক্তিত্ব আৰু অন্যান্য ব্যক্তিসকলক স্থান প্ৰদান কৰা হয়। বিগত বৰ্ষত, প্ৰিয়ংকাই প্ৰতিটো পোষ্টৰ বিনিময়ত ২৭১,০০০ ডলাৰ উপাৰ্জন কৰি ১৯ তম স্থানত আছিল। যদিও প্ৰতিটো পোষ্টত প্ৰিয়ংকাৰ উপাৰ্জন যথেষ্ট বৃদ্ধি হৈছে, তথাপিও প্ৰিয়ংকাৰ লগতে আন তাৰকা ব্যক্তিসকলৰো উপাৰ্জন যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে।
আনহাতে, ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক, তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী ইনষ্টাগ্ৰামৰ উক্ত ধনী ব্যক্তিক তালিকাত শীৰ্ষ ৩০ নম্বৰ স্থান লাভ কৰি প্ৰিয়ংকাৰ সৈতে আন এজন ভাৰতীয় ব্যক্তি হিচাপে বিবেচিত হৈছে। বিগত বৰ্ষত, কোহলী ২৩ তম স্থানত আছিল। আনহাতে এইবাৰ, হলিউডৰ জনপ্ৰিয় অভিনেত্রী তথা মডেল কাইলি জেনাৰে প্ৰিয়ংকাতকৈ আগবাঢ়ি গৈ তেওঁৰ ১২৫ নিযুত অনুসৰণকাৰীৰ সৈতে ১৯ তম স্থান দখল কৰে আৰু তেওঁক প্ৰতিটো পোষ্টৰ বিনিময়ত ৬৮০,০০০ ডলাৰ, ভাৰতীয় মূল্য হিচাপত ৫ কোটি টকা প্ৰদান কৰা হয়।
উক্ত তালিকাখনত ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে আকৌ এবাৰ শীৰ্ষস্থান দখল কৰা পৰিলক্ষিত হৈছে। তেওঁৰ ইনষ্টাগ্ৰাম একাউন্টত ২৯৫ নিযুত অনুসৰণকাৰী আছে আৰু প্ৰতিটো পোষ্টৰ বিনিময়ত ১,৬০৪,০০০ ডলাৰ,ভাৰতীয় মূল্য হিচাপত ১১ কোটি টকা উপাৰ্জন কৰে।
তালিকাত থকা আন ব্যক্তিসকল ক্ৰমে ভিতৰত জনপ্রিয় হলিউডৰ অভিনেতা ডোৱেন জনছন, জনপ্রিয় গায়িকা আৰিয়ানা গ্ৰেণ্ড, অভিনেত্রী তথা মডেল কাইলি জেনাৰ আৰু জনপ্রিয় গায়িকা টেইলৰ চুইফ্ট।
Comments