গুৱাহাটী, ৫ জুলাই: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শেহতীয়াকৈ ক'ভিডক জয়ী কৰা চিকিৎসকলক উদ্দেশ্য কৰি কয় যে, "ক'ভিড মহামাৰীৰ সময়ত দেশৰ হকে নিজৰ জীৱনৰ কথা নভবাকৈ সেৱা আগবঢ়োৱা সকলো চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্য কৰ্মীসকলক দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্নৰে সন্মানিত কৰাটো উচিত।
কিয়নো, ক'ভিড যুদ্ধত নিজৰ প্ৰাণ আহুতি দিয়া চিকিৎসকসকলৰ প্ৰতি এয়া এক প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব বুলি দিল্লীৰ মুখ্যমন্ত্রী গৰাকীয়ে দৃঢ়তাৰে মত প্ৰকাশ কৰে।মুখ্যমন্ত্রী কেজৰিৱালে টুইটযোগে সদৰি কৰিছল যে, "ভাৰতীয় চিকিৎসকলক এই বৰ্ষত "ভাৰত ৰত্ন"ৰে বিভূষিত কৰিব লাগে। এই পদক্ষেপটো সকলো শ্বহীদ হোৱা চিকিৎসক, স্বাস্থ্যকৰ্মীৰ প্ৰতি এক প্ৰকৃত শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা হ'ব।
যিসকলে তেওঁলোকৰ জীৱন আৰু পৰিয়ালতকৈ ৰোগীসকলক বেছি মৰ্যাদা প্ৰদান কৰি সেৱা আগবঢ়াই আহিছে তেওঁলোকৰ বাবে এইটো এক সন্মানৰ বিষয় হ'ব। ইয়াৰ ফলত সমগ্ৰ দেশবাসী আনন্দিত হ'ব।"
Comments