Classifieds
View All
গুৱাহাটী,৫ জুলাই: মুখ্যমন্ত্ৰীৰ আহ্বানৰ পিছতে অতুল বৰা,ভৱেশ কলিতা আৰু যোগেন মহনৰ পিছত লখিমপুৰৰ নাৰায়নপুৰৰ পথাৰত কঠিয়া সিঁচিলে পৰিৱেশ আৰু বন, মীন আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবদ্যই । ভাৰতীয় জনতা পাৰ্টীৰ জিলা মৰ্চা,যুৱ মৰ্চাৰ উদ্যোগত তাটিবাহাৰ,নাৰায়ণপুৰত এই বীজ সিঁচিলে বনমন্ত্ৰী গৰাকীয়ে।
বাৰিষা বানপানীৰ ফলত যিসকল কৃষকৰ কঠিয়াৰ বাবে হাহাকাৰ হয় সেইসকল কৃষকক এইবাৰ বাহাদুৰ চাৱওৱান বীজৰ কঠিয়া দি সহায় কৰিব কৃষি বিভাগে। এই কাৰ্যসূচীত লখিমপুৰ জিলাৰ কৃষি বিষয়াৰ লগতে বিজেপিৰ দলীয় সমৰ্থক আৰু স্থানীয় একাংশ কৃষক উপস্থিত থাকে।
Comments