গুৱাহাটী, ৫ জুলাই : ভাৰতৰ পৰা প্ৰতি বছৰে হাজাৰ হাজাৰ লোক কৰ্মসংযোগ আৰু উন্নত জীৱনশৈলীৰ সন্ধানত ডুবাই অভিমুখে যাত্রা কৰে। সকলোৱে উন্নত জীৱনশৈলীৰ বাবে কঠোৰ পৰিশ্ৰম কৰাও দেখা যায়। কিন্তু ভাগ্যও কেতিয়াবা দয়ালু লোকৰ প্ৰতি সহানুভূতি দেখুৱাই আৰু ব্যক্তিজন অতি সৌভাগ্যশালী হৈ পৰে। ঠিক তেনে এক ঘটনা সংঘটিত হৈছে ডুবাই টেক্সি চালক ৰঞ্জিত সোমৰাজন আৰু তেওঁৰ বন্ধুসকল। কিয়নো ৰঞ্জিতসহ আন ৯ জন বন্ধুৱে এক লটাৰী টিকত যোগে ৪০ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে।
৩৭ বছৰীয়া ৰঞ্জিত সোমৰাজনে ২০০৮ চনত কেৰালাৰ কোল্লাম জিলাৰ পৰা সংযুক্ত আৰৱ আমিৰাত (ইউ.এ.ই.) লৈ যাত্ৰা আহিছিল। তেওঁ টেক্সি চালক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল, আৰু ১৩ বছৰৰ কঠোৰ পৰিশ্ৰমৰ পিছত, ডুবাইৰ এটা ব্যক্তিগত কোম্পানীত ৩,৫০০ দিৰহাম (৭১,০০০ টকা) মাহিলী দৰমহাৰে এটা নতুন চাকৰিত কাম আৰম্ভ কৰিবলৈ ওলাইছিল।
ইপিনে সুদিনে অপেক্ষা কৰি থকা ৰঞ্জিতৰ লগতে তেওঁৰ ৯ জন বন্ধু কোটিপতি হৈ পৰে। সোমৰাজনে আবু ধাবি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ দ্বাৰা আয়োজিত আবু ধাবি বিগ টিকট নামৰ এটা মাহিলী লটাৰী টিকট ক্ৰয় কৰিছিল, য'ত লগতে ৯ জন বন্ধুৱেও টকা যোগ দিছিল। তেওঁৰ ৯ জন বন্ধু ক্ৰমে পাকিস্তান, বাংলাদেশ আৰু শ্ৰীলংকাৰ আছিল। ৫০০ দিৰহাম অৰ্থাৎ ভাৰতীয় ৰিচাপত ১০,১৬০ টকা মূল্যত ক্ৰয় কৰা ৩৪৯৮৮৬ নম্বৰৰ টিকটতো লটাৰীৰ বিজয়ী প্ৰাৰ্থী হিচাপে উচ্চাৰণ কৰাত তেওঁলোকে ২০ নিযুততকৈ অধিক দিৰহাম অৰ্থাৎ ৪০.৬৪ কোটি টকা লাভ কৰিছিল।
বিগত তিনি বছৰ ধৰি টিকট ক্ৰয় কৰি থকা সোমৰাজনে লটাৰীত বিজয়ী হোৱাত কৈছিল যে, "মই মোৰ পত্নী আৰু পুত্ৰৰ সৈতে ডুবাইৰ এটা মছজিদৰ মাজেৰে পাৰ হৈ থকা সময়ত লটাৰী ঘোষণাটো পোনপটীয়াকৈ শুনিছিলো। যোৱা বছৰ, মই এটা কোম্পানীত গাড়ীচালক হিচাপে কাম কৰিছিলো। লগতে মোৰ পত্নীয়েও এখন হোটেলত কাম কৰিবলগীয়া হৈছিল।" ইপিনে সোমৰাজনৰ পত্নীয়ে উক্ত বিষয় সন্দৰ্ভত কয় যে, "মই আমাৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে সোমৰাজনক টিকট কিনিবলৈ পৰামৰ্শ দিছিলো।
মই সদায় মোৰ নিজৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছিলো। বৰ্তমান সোমৰাজনে পৰিয়ালৰ পৰামৰ্শ অনুসৰি লটাৰীত লাভ কৰা টকা কেনেদৰে খৰচ কৰিব লাগে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি তেখেতে জানিবলৈ দিয়ে, আৰু উক্ত ধনৰাশি বন্ধুবৰ্গৰ সৈতে প্ৰত্যেকৰে ভাগত ২ নিযুত দিৰহামকৈ (৪.০৬ কোটি) ভাগ-বতৰা কৰা হৈছে।
Comments