Classifieds
View All
গুৱাহাটী,৫ জুলাই: ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্তিৰে সুনাম কঢ়িয়াই আনিলে টিহুৰ সাগৰীকা গোস্বামীয়ে । টিহুৰ নিবাসী তথা টিহু হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক হেমন্ত কুমাৰ গোস্বামী আৰু অনামিকা গোস্বামীৰ কন্যা সাগৰিকাই ‘বেটী বচাও বেটী পঢ়াও’ক উৎস হিচাপে লৈ "গাৰ্ল ইজ গোল্ড" নামৰ ছুটি ছবি নিৰ্মাণ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্তি কৰিবলৈ সক্ষম হয়।
মাত্ৰ ২১ বছৰ বয়সতে এখন চলচ্চিত্ৰৰ সকলো যাৱতীয় কাম-কাজৰ লগতে মুঠ ১১ টা চৰিত্ৰত অভিনয় কৰা বাবে সাগৰিকা উজলিল ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত ।ছুটি ছবিখনৰ কাহিনী,পৰিকল্পনা, পৰিচালনা, ভিডিঅ’গ্ৰাফী, এডিটিং, বেকগ্ৰাউণ্ড মিইজিক, কস্তিউম ডিজাইনিং, ভইছ অ’ভাৰ, আৰু কাষ্টিং সকলো সাগৰিকা গোস্বামীৰ ।
Comments